অসম মহিলা সংঘৰ সংহতি প্ৰকাশ কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 24 August 2021

অসম মহিলা সংঘৰ সংহতি প্ৰকাশ কাৰ্যসূচী

 




W7s News ষ্টাফৰিপোৰ্টাৰ : অসম মহিলা সংঘই মঙলবাৰে গুৱাহাটীৰ গুৱাহাটী ক্লাব ৰ'টাৰী পইণ্টত সংহতি প্ৰকাশ কাৰ্যসূচী গ্ৰহণ কৰে। গণতন্ত্ৰ আৰু স্বাধীনতাৰ হকে যুজঁ দিয়া আফগান নাৰী পুৰুষৰ প্ৰতি সংহতি প্ৰকাশ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অসম মহিলা সংঘৰ হৈ অসমী গগৈয়ে কয় 'স্বাধীনতা আৰু গণতন্ত্ৰৰ হকে যুজঁ দিয়া আফগান জনগণৰ প্ৰতি বিশ্বৰ প্ৰগতিশীল মানুহে আজি সংহতি প্ৰকাশ কৰিছে।আমি গুৱাহাটীত মহিলা সংগঠন, কৃষক-শ্ৰমিক,ছাত্ৰ-যুৱক সমন্বিতে নাগৰিকসকলে আফগান জনগণৰ সংগ্ৰামৰ প্ৰতি সংহতি প্ৰকাশ কৰিছোঁ।আগফান নাৰী, শিশু সকল তালিবনৰ অত্যাচাৰৰ ফলত বিশেষভাবে ক্ষতিগ্ৰস্ত হৈছে। তালিবানৰ শাসনৰ বিৰুদ্ধে হাতত আফগান পতাকা লৈ কাবুলত পুৰুষ, মহিলা ৰাজপথলৈ ওলাই অহা প্ৰতিবাদে বিশ্ববাসীক আশাৰ সঞ্চাৰ কৰিছে।'


এই কাৰ্যসূচীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ হৈ গীতাঞ্জলি সোণোৱাল, গণনাট্য সংঘৰ কন্দৰ্প মহন্ত, এ আই টি ইউ চিৰ বাবুল চৌধুৰী, আইচাৰ সুব্ৰত তালুকদাৰ, কৃষক সংঘৰ্ষ সমিতিৰ হৈ জয়ন্ত গগৈ, সমৰ জ্যোতি বেজবৰুৱাই অংশ গ্ৰহণ কৰে। কেইবগৰাকী সদস্য, অংশ গ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here