বৈষ্ণৱপীঠ মাজুলীত এতিয়া ৩৪ খন সত্ৰৰ বিপৰীতে আছে ৬৬ টা গীৰ্জা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 25 August 2021

বৈষ্ণৱপীঠ মাজুলীত এতিয়া ৩৪ খন সত্ৰৰ বিপৰীতে আছে ৬৬ টা গীৰ্জা

 বিশ্ব হিন্দু মহাসংঘ,অসমৰ সংবাদ মেল






২০০৬ চনতে বিধান সভাত গৃহিত 'মাজুলী সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰীয় ২০০৬ আইন' ৰূপায়ণ কৰাৰ দাবী


জেহাদীৰ পৰা সতৰ্ক হওঁক


হিমন্ত, সৰ্বাৰ নাকৰ তলতে 

টিঘিলঘিলাই আছে  জেহাদী



অসমতো আফগানিস্তানৰ পৰিস্থিতি হ'বলৈ বেছি দিন নাই



W7s News ষ্টাফৰিপোৰ্টাৰ : অসমত ভয়াবহ হাৰত ধৰ্মান্তকৰণ প্ৰক্ৰিয়া অব্যাহত আছে। খ্ৰীষ্টানৰ আগ্ৰাসনৰ বাবে এতিয়া সত্ৰ গুচি গীৰ্জা হৈছে। লক্ষণীয়ভাৱে বৈষ্ণৱ পীঠ মাজুলীত এতিয়া ৩৪ খন সত্ৰৰ বিপৰীতে আছে ৬৬ টা গীৰ্জা- এই ভাষ্য বিশ্ব হিন্দু মহাসংঘ,অসমৰ ৰাজ্যিক সভাপতি তথা মাজুলীৰ দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে লগতে কয় '' নামনি অসম ইতিমধ্যেই পূর্ববংগীয় মুছলমানৰ সংখ্যা গৰিষ্ঠতাৰ কবলত যোৱাৰ সমান্তৰালকৈ উজনি অসমখন খ্ৰীষ্টান মিছনাৰীৰ ধৰ্মান্তকৰণৰ চিকাৰ হৈছে। প্রলোভন বা প্রবঞ্চনাৰ আশ্ৰয় লৈ সনাতন ধৰ্মীয়লোকক ধর্মন্তৰিত কৰি থকা কাৰ্য আমি কেতিয়াও সহজভাৱে নলওঁ। মাজুলীত গীৰ্জাৰ অস্তিত্বই হৈছে   অসমৰ বাবে এক লজ্জাৰ বিষয়। মাজুলীত কাঠফুলাৰ দৰে গীৰ্জা ঘৰ সাজি সত্ৰনগৰী বা বৈষ্ণৱপীঠৰ ওপৰত ভাবুকীৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ ৰঞ্জন চুতিয়াৰ দৰে লোকে কীৰ্তন-নামঘোষাত যিশুৰ নাম সোমোৱাই কীৰ্তন-নামঘোষা আদিৰ দৰে পবিত্ৰ শাস্ত্ৰসমুহ নি:শেষ কৰাৰ ষড়যন্ত্ৰ হ'ল ইয়াৰ জলন্ত প্ৰমাণ। ২০০৬ চনতে বিধান সভাত গৃহিত 'মাজুলী সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰীয় ২০০৬ আইন'খন আজিলৈ ৰূপায়ণ নোহোৱাটো অতিকৈ দুখ আৰু পৰিতাপৰ কথা। এই আইনখন ৰূপায়ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনালোঁ। লগতে প্ৰলোভন আৰু প্ৰবঞ্চনাৰে চলোৱা ধৰ্মান্তকৰণক ৰোধ কৰাৰ বাবে আমি চৰকাৰক দাবী জনালোঁ।'সংবাদমেলত মহাসংঘৰ সাধাৰণ সম্পাদক বলেন বৈশ্যই কয় 'ধৰ্মান্তকৰণ  প্ৰক্ৰিয়াত ৰাজনৈতিক শক্তি, আন্ত:ৰাষ্ট্ৰীয় শক্তি জড়িত হৈ আছে। অসমতো আফগানিস্তানৰ পৰিস্থিতি হ'বলৈ বেছি দিন নাই। , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড০ 

হিমন্ত বিশ্ব শৰ্মাৰ নাকৰ তলতে টিঘিলঘিলাই আছে জেহাদী। অসমত জেহাদীয়ে প্ৰাৰ্থী খেলাইছে গতিকে অসমত কি ধৰণৰ পৰিস্থিতি হ'বলৈ গৈ আছে সকলোৱে সময় থাকোতেই বুজি উঠা উচিত। তালিবানৰ সমৰ্থক ৰাজ্যৰ চাৰিওফালে গীজগিজাই ফুৰিছে। তালিবানৰ সমৰ্থক সকল মুৰ্খ বা অশিক্ষিত নহয়। দুইকুৰিৰো অধিক তালিবানৰ সমৰ্থনকাৰী গ্ৰেপ্তাৰ কৰিছে চৰকাৰে। জেহাদীৰ পৰা ৰাইজ সতৰ্ক হোৱাৰ সময় আহি পৰিছে।'সংবাদমেলত সংঘৰ অন্যান্য সদস্যসকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here