এইচডিএফচি বেংকৰ #SalaamDilSey উদ্যোগৰে কৃতজ্ঞতা জ্ঞাপন চিকিৎসকসকলক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 July 2021

এইচডিএফচি বেংকৰ #SalaamDilSey উদ্যোগৰে কৃতজ্ঞতা জ্ঞাপন চিকিৎসকসকলক

 



W7s News, ষ্টাফৰিপোৰ্টাৰ : মহামাৰীৰ  সময়ত  তেওঁলোকৰ  অক্লান্ত  সেৱাৰ  বাবে #SalaamDilSey  হৈছে  সাধাৰণ  ৰাইজৰ বাবে  চিকিৎসকসকলৰ  প্ৰতি  কৃতজ্ঞতা  প্ৰদৰ্শন  কৰাৰ  এক  ৰাষ্ট্ৰীয়  মঞ্চ।এইচডিএফচি বেংকৰ #SalaamDilSey উদ্যোগ হৈছে এক ৰাষ্ট্ৰীয় মঞ্চ, যাৰ জৰিয়তে মহামাৰীৰ সময়ত চিকিৎসকসকলে কৰা তেওঁলোকৰ অক্লান্ত সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰিব।ইয়াৰ জৰিয়তে সকলোৱে সমগ্ৰ দেশৰ চিকিৎসকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব।২৩ জুনত আৰম্ভ কৰা #SalaamDilSey চিকিৎসকসকলক কৃতজ্ঞতা জনোৱাৰ এখন মঞ্চ প্ৰদান কৰে, যিসকলে তেওঁলোকৰ নিজৰ জীৱনৰ বিপদাশংকাত পেলাই সাহসেৰে মহামাৰীৰ সৈতে যুঁজি আছে। ইয়াৰ জৰিয়তে সকলোৱে চিকিৎসকসকলৰ অৱদানৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে তেওঁলোকক উৎসাহিত কৰিব পাৰে। সমগ্ৰ দেশৰ সকলো চিকিৎসকক বেংকৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি বেংকে পদ্মভূষণ ডাঃ নৰেশ ত্ৰেহানক অনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। তেওঁ এজন প্ৰখ্যাত কাৰ্ডিঅ'ভাস্কুলাৰ আৰু কাৰ্ডিঅ'থোৰাচিক শল্য চিকিৎসক। লগতে মেডাণ্টা-দ্য মেডিচিটিৰ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰৰ উপৰি মুখ্য কাৰ্ডিয়াক চাৰ্জন। মেডাণ্টা-দ্য মেডিচিটি হৈছে ১৫০০ বিচনাযুক্ত মাল্টি চুপাৰ স্পেচিয়েলিটি ইনষ্টিটিউট।ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত ৱৰ্লিস্থিত এইচডিএফচি বেংকৰ কৰ্পোৰেট কাৰ্যালয়ৰ সন্মুখভাগ 'Wall of Dedication' (সমৰ্পণৰ দেৱাল) মুকলি কৰে।য'ত চিকিৎসকসকলৰ বাবে ধন্যবাদ বাৰ্তাৰ এক কলেজ (collage) সমগ্ৰ দেশৰ পৰা প্ৰদৰ্শিত হয়।অনুষ্ঠানটোত বেংকে চিকিৎসকসকলৰ বাবে এটা সংগীত 'এ মিউজিকেল ট্ৰিবিউট' মুকলি কৰে, য'ত প্ৰদৰ্শিত হয় সমগ্ৰ দেশৰ দূৰৱৰ্তী স্থানৰ বেংক কৰ্মচাৰী। https://www.youtube.com/watch?v=Z18vExrkwD0

এই সম্পৰ্কে এইচডিএফচি বেংকৰ চৰকাৰ, প্ৰতিষ্ঠানগত ব্যৱসায়, বিচি অংশীদাৰীত্ব, অন্তৰ্ভুক্ত বেংকিং আৰু ষ্টাৰ্ট-আপৰ গ্রুপ হেড স্মিতা ভগতে কয়- "#SalaamDilSey সৈতে আমি চিকিৎসকসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিসকলে মহামাৰীৰ বিৰুদ্ধে যুঁজত দৃঢ়তাৰে নেতৃত্ব দি নিজৰ জীৱনৰ বিপদাশংকাত পেলাই কাম কৰিছিল।যোৱা বছৰটো চিকিৎসকসকলৰ বাবে কঠিন আছিল, তাৰ পিছতো চব্বিশ ঘণ্টাই অক্লান্ত ভাৱে কাম কৰিছিল।এইসকলক কৃতজ্ঞতা জনোৱাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ সময়তলৈ আৰু ভাল সময় নাই।সকলো একত্ৰিত হৈ দেশৰ চিকিৎসকসকলক ধন্যবাদ জনোৱাৰ সময়।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here