সত্ৰৰ অধীনত নৱনিৰ্মিত গোৱিন্দ বিপণন ক্ষেত্ৰৰ উদ্বোধন
W7s News, ষ্টাফৰিপোৰ্টাৰ :‘মানুহৰ মনৰ সততা, ইচ্চা শক্তি আৰু অনুশাসনবোধ থাকিলে সকলো কামেই সময়মতে কৰিব পাৰি৷’–আজি উত্তৰ গুৱাহাটীস্থিত শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ অধীনত নিৰ্মাণ কৰি উলিওৱা গোৱিন্দ বিপণন ক্ষেত্ৰ মুকলি কৰি দিয়া ভাষণ প্ৰসংগত জল সম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়৷
সত্ৰখনৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত অনুষ্ঠিত বিপণন উদ্বোধনী সভাত মন্ত্ৰীগৰাকীয়ে আৰু কয় 'সত্ৰখনৰ সত্ৰাধিকাৰগৰাকীয়ে বিচৰাধৰণে কাৰ্য সম্পাদন কৰিবলৈ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ দিক নিৰ্দেশনাত মন্ত্ৰীগৰাকীয়ে চেষ্টা কৰে৷ আজিও সেই সদিচ্ছাৰেই পুন্যভূমিত উপস্থিত হৈ কোভিডৰ প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হৈ স্থাপন কৰা গোৱিন্দ বিপণন ক্ষেত্ৰ উদ্বোধন কিৰবলৈ পাই তেওঁ অত্যন্ত সুখী হৈছে বুলি উল্লেখ কৰে৷ সত্ৰাধিকাৰগৰাকীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা চলাচলৰ ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে।ইয়াৰ পিছতে তেওঁ আউনীআটী সত্ৰৰ লগতে সত্ৰৰ চৌহদত নৱনিৰ্মিত কলাক্ষেত্ৰ আৰু অতিথিগৃহও পৰিদৰ্শন কৰে৷
No comments:
Post a Comment