বন মহোৎসৱৰ শুভাৰম্ভণি, বনমন্ত্ৰী শুক্লবৈদ্যৰ বৃক্ষৰোপণ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 1 July 2021

demo-image

বন মহোৎসৱৰ শুভাৰম্ভণি, বনমন্ত্ৰী শুক্লবৈদ্যৰ বৃক্ষৰোপণ

Responsive Ads Here

 

IMG-20210701-WA0023

আঢ়ৈ কৌটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ



W7s News, নিউজ ডেস্ক :  পৰিৱেশ আৰু বন মন্ত্ৰী, পৰিমল শুক্লবৈদ্যই আজি গুৱাহাটীৰ নিকটৱৰ্তী গড়ভঙা সংৰক্ষিত বনাঞ্চলত সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰিব লোৱা বন মহোৎসৱ উদ্বোধন কৰে।

বন বিভাগৰ দ্বাৰা আয়োজিত সপ্তাহজোৰা বৃক্ষৰোপণ কাৰ্যসূচীৰ উদ্বোধন কৰি মন্ত্ৰী শুক্লবৈদ্যই সকলো ৰাইজক এই উৎসৱত ভাগ লৈ গছপুলি ৰোপণৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ গেটৱে’, গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যক সেউজীয়া কৰিবলৈ আহ্বান জনায়। “আমাৰ পৰিৱেশক সুৰক্ষা দিয়াৰ লগতে প্ৰদূষণমুক্ত জগত এখন গঢ়াৰ উদ্দেশ্যে এক বিশাল পৰিসৰত বৃক্ষৰোপণ কৰোঁ আহক।“ শুক্লবৈদ্যই দোহাৰে।

মন্ত্ৰীজনে ৰাইজক বৃক্ষৰোপণক নিজৰ জীৱন-শৈলীৰ এক অৱিচ্ছিন্ন অংশ হিচাপে গণ্য কৰি এক নিয়মিত অভ্যাসৰূপে গঢ় দিবলৈ অনুৰোধ জনায়। “তেতিয়াহে আমি পৰিৱেশক স্বচ্ছ, সেউজ কৰি প্ৰদূষণৰ সমস্যাৰ বিৰূদ্ধে যুঁজ দিব পাৰিম। অসম চৰকাৰে ইতিমধ্যেই অসমক প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত কাম কৰিব আৰম্ভ কৰিছে। অসমবাসী ৰাইজেও এই ক্ষেত্ৰত হাত উজান দি বন মহোৎসৱক অংশগ্ৰহণ কৰক যাতে আমি প্ৰদূষণৰ পৰা ৰেহাই পাবলৈ সক্ষম হওঁ।“ মন্ত্ৰীয়ে মন্তব্য কৰে।

গুৱাহাটীৰ সাংসদ, কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কামৰূপ (মহানগৰ) ৰ উপায়ুক্ত বিশ্বজিত পেগু, বিজেপি গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি মৃগেন শৰণীয়া, মুখ্য বন সংৰক্ষক ও বন বল মুৰব্বী, অলকা ভাৰ্গৱ, মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) অমিত চাহাই, পিচিবি চেয়াৰমেন সূৰ্য্যনাৰায়ন ৱাই, গুৱাহাটী আৰক্ষী অধীক্ষক, এম উপাধ্যায় সহিতে অন্যান্য বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।

ইয়াৰ লগতে, শোণিতপুৰ জিলাৰ ঘোৰামাৰিত অৱস্থিত হেম বৰুৱা উচ্চ বিদ্যালয়ত অনুষ্ঠিত আন এক অনুষ্ঠানত ভাগ লৈ শুক্লবৈদ্যই বন মহোৎসৱ, ২০২১ ত উৎসাহেৰে ভাগ লৈ ৰাজ্যখনক সুন্দৰ, স্বচ্ছ আৰু সেউজ কৰি তুলিবলৈ ৰাইজক আহ্বান জনায়। তেওঁ ৰাইজক কমপক্ষেও গাইপতি দুটিকৈ গছপুলি ৰোপণ কৰি ৰাজ্যৰ সেউজ আচ্ছাদনৰ পৰিসৰ বৃদ্ধি কৰিবলৈ অনুৰোধ কৰে।

“পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বৰ্তাই ৰখাত আৰু আমি জীয়াই থাকিবলৈ অতি প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰাৰ ক্ষেত্ৰত বৃক্ষ আৰু বনাঞ্চলে এক গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ণ কৰে।“ বন মহোৎসৱৰ জৰিয়তে অধিক সংখ্যক ৰাইজক বনাঞ্চলৰ বিকাশ আৰু সংৰক্ষণত জড়িত কৰাৰ উদ্দেশ্যৰে বিষয়ে দোহাৰি শুক্লবৈদ্যই মন্তব্য কৰে।

তেওঁ কয় 'অসমবাসী ৰাইজে প্ৰকৃতিক যথেষ্ট মৰম কৰে আৰু জীৱ-জন্তু, গছ-গছনিক পূজা কৰা, সন্মান কৰা আমাৰ সভ্যতা-সংস্কৃতিৰ এক অভিন্ন অংশ। “প্ৰকৃতিৰ প্ৰতি থকা মৰমে আমাৰ জীৱনকো বিশেষভাৱে সম্মৃদ্ধ কৰিব লাগিব যাতে পৃথিৱীখনক বসবাসৰ কাৰণে অধিকতম অনুকূল হয়।“ তেওঁ প্ৰকাশ কৰে।শুক্লবৈদ্যই কয় 'আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে দিব পৰা শ্ৰেষ্ঠ উপহাৰ হ’ল বৃক্ষৰোপণ আৰু আমাৰ পৰিৱেশক পৰিষ্কাৰ আৰু সেউজ কৰি ৰখা।'

মন্ত্ৰীয়ে সদৰি কৰে যে এই সপ্তাহজোৰা উদযাপন উপলক্ষ্যে আৰম্ভ হোৱা বৃক্ষৰোপণ অভিযানত সকলো স্তৰৰ ব্যক্তিক সংযোজিত কৰাৰ বাবে প্ৰতিটো বন সংমণ্ডলে বিভিন্ন কাৰ্যসূচী তথা অনুষ্ঠানৰ পৰিকল্পনা কৰিছে।

শুক্লবৈদ্যই সদৰী কৰে যে বন বিভাগে বিগত পাঁচ বছৰত ১০ কোটি গছপুলি ৰোপণ কৰিছ আৰু আগন্তুক পাঁচ বছৰত এই সংখ্যাক তিনিগুণ পৰ্যন্ত বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে। “এপিএফবিচি আৰু কেম্পা প্ৰকল্পৰ অধীনত অৱক্ষয় হোৱা বনাঞ্চলত চলিত বৰ্ষত আঢ়ৈ কৌটি বৃক্ষৰোপণ কৰা হ’ব।“ তেওঁ প্ৰকাশ কৰে।

তেওঁ কয়  ২০১৬ চনৰ পূৰ্বে বৃহৎ হাৰত গছ-গছনি ধ্বংস হৈছিল আৰু বৰ্তমান তথা পূৰ্বৰ বিজেপি চৰকাৰে সেউজ আচ্ছাদন বঢ়োৱাৰ কাৰণে শক্তিশালী পদক্ষেপ লৈ আহিছে।

তেওঁ সদৰী কৰে যে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত যথাসম্ভৱ প্ৰচেষ্টা চলোৱা হ’ব।

শুক্লবৈদ্যই কয় যে পূৰ্বৰ বিপৰীতে বৰ্তমান চৰকাৰখনে বন্যপ্ৰাণীৰ সৈতে হোৱা সংঘাতত প্ৰাণ হেৰুৱা ব্যক্তিৰ নিকট আত্মীয়লৈ অতি শীঘ্ৰেই ধন মুকলি কৰি দিব।

তেওঁ কয় যে বিভাগে সকলো স্তৰৰ ব্যক্তিৰ সহায়ৰ মাধ্যমেৰে অসমক প্ৰদূষণমুক্ত ৰাজ্য কৰিব।

অনুষ্ঠানত তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, ৰঙাপাৰা সমষ্টিৰ বিধায়ক, শোণিতপুৰ জিলাৰ উপায়ুক্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীক্ষক, বন সংমণ্ডল বিষয়া, বিজেপিৰ জিলা সভাপতি আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ইয়াৰ পূৰ্বে মন্ত্ৰীয়ে বৃক্ষৰোপণ কৰে আৰু এই উপলক্ষ্যে গছপুলি বিতৰণ কৰে।

বন মহোৎসৱ সমগ্ৰ দেশজুৰি জুলাই মাহত অনুষ্ঠিত এক বাৰ্ষিক বৃক্ষৰোপণ উৎসৱ য’ত গোটেই দেশতে হাজাৰ হাজাৰ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। বন সংৰক্ষন আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বন মহোৎসৱ সপ্তাহ ১ জুলাইৰ পৰা ৭ জুলাইলৈ উদযাপন কৰা হয়।

ৰাইজক বৃক্ষৰোপণৰ বাবে উদগনি জনাবলৈ ১৯৫০ চনতে এই বন মহোৎসৱ সপ্তাহ আৰম্ভ কৰা হৈছিল। গছ-গছনিসমূহে খাদ্যৰ যোগান ধৰে, পৰিৱেশ তন্ত্ৰক সমতুল্য কৰে, বায়ুৰ গুণাগুণ উন্নত কৰে, জলবায়ু উন্নীত কৰে, পানী সংৰক্ষণ কৰে, মাটিক আৱদ্ধ কৰি ৰাখে, বন্যপ্ৰাণীক সহায় কৰে, খৰাং পৰিস্থিতি হ্ৰাস কৰে, মাটিৰ অৱক্ষয় ৰোধ কৰে আৰু প্ৰদূষণ ৰোধ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *