টকিঅ’ অলিম্পিকত ইতিহাস ৰছিলে অসম কন্যাই - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 29 July 2021

demo-image

টকিঅ’ অলিম্পিকত ইতিহাস ৰছিলে অসম কন্যাই

Responsive Ads Here

 

FB_IMG_1627623275656


#tokiyo olympic# lovlina borgohain#victory#

go for glory lovlina


W7s News : নিউজ ডেস্ক:

টকিঅ’ অলিম্পিকত ইতিহাস ৰছিলে অসম কন্যাই।

অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে নাম খোদিত কৰিলে লাভলীনা বৰগোহাঁইয়ে।

৪ আগষ্টত ছেমি ফাইনেলত ৰীঙত নামিব লাভলীনাই।অলিম্পিকত পদক নিশ্চিত হ'ল অসম কন্যা লাভলীনা বৰগোঁহাইৰ। অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইৰ এই সাফল্যক লৈ জন্মস্থান গোলাঘাটৰ বৰপথাৰবাসীৰ লগতে দেশবাসী উৎফুল্লিত হৈ পৰিছে। লাভলীনা বৰগোঁহাইয়ে ৬৯ কেজি শাখাত সুন্দৰ প্ৰদৰ্শনেৰে টকিঅ’ত বক্সিঙৰ প্ৰথমটো পদক বিজয় নিশ্চিত কৰিলে। ভাৰতৰ বাবে এইবাৰৰ অলিম্পিকত দ্বিতীয়টো পদক নিশ্চিত হ’ল।শুকুৰবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত লাভলীনাই চাইনীজ টাইপে’ৰ নিয়েন চিন চেনক ৪-১ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিলে।নিয়েন চিন চেন ২০১৮ৰ বিশ্ব বক্সিং চেম্পিয়ন আৰু ২০১৯ৰ এছিয়ান বক্সিং চেম্পিয়ন আছিল। লাভলীনাৰ পূৰ্বে মেৰী কমে লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জিকিছিল। এতিয়া ৪ আগষ্টত ছেমি ফাইনেলত ৰীঙত নামিব লাভলীনা। সমগ্ৰ দেশবাসীয়ে লাভলীনাৰ ছেমিফাইনেলত চাবলৈ অধীৰ অপেক্ষা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *