ৰাজ্যত চলিছে কিন্নৰৰ বৃহৎ ৰেকেট, একাংশ দৰিদ্ৰ শিশু–যুৱতীক দিল্লীলৈ নি ৰূপান্তৰিত কৰা হয় তৃতীয় লিংগলৈ, তাৰ পিছত... - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 July 2021

ৰাজ্যত চলিছে কিন্নৰৰ বৃহৎ ৰেকেট, একাংশ দৰিদ্ৰ শিশু–যুৱতীক দিল্লীলৈ নি ৰূপান্তৰিত কৰা হয় তৃতীয় লিংগলৈ, তাৰ পিছত...

 




 W7s News, নিউজ ডেস্ক: ৰাজ্যত চলিছে কিন্নৰৰ এটা বৃহৎ ৰেকেট। দিল্লীৰ পৰা নিয়ন্ত্ৰন হয় এই কিন্নৰৰ ৰেকেট। দুখীয়া দৰিদ্ৰ একাংশ শিশুৰ পৰা যুৱতীলৈ লৈ যোৱা হয় দিল্লীলৈ। দিল্লীত বিভিন্ন পন্থা অৱলম্বন কৰি ৰূপান্তৰিত কৰা হয় তৃতীয় লিংগলৈ। পুনৰ লৈ আনি অসমৰ বজাৰত মেলি দিয়া হয় সেইসকলক। তৃতীয় লিংগৰ চক্ৰটোৰ মাষ্টাৰ মাইণ্ড হ'ল পিংকী নামৰ এগৰাকী।বিশাল সম্পত্তিৰ গৰাকী পিংকী।



দিল্লীৰ সেই চক্ৰটোৰ পৰা পলায়ন কৰা এগৰাকী কিন্নৰে পোহৰলৈ আনে এই ভয়ংকৰ ঘটনা। স্বাতি বিধান বৰুৱাই কেমেৰাৰ সন্মুখত এই বিস্ফোৰক মন্তব্য কৰে। ইতিমধ্যে পাণবজাৰ মহিলা আৰক্ষী থানাই আটক কৰে চক্ৰটোৰে জড়িত ছয় কিন্নৰক।



আজি পুৱাই মহিলা থানাৰ সন্মুখত একাংশ কিন্নৰে সাব্যস্ত কৰে প্ৰতিবাদ। আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল স্বাতী বিধান বৰুৱাই। আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত নিশাই আটক কৰা হয় ৬ কিন্নৰক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here