ছ’নি পিকছাৰ্চ স্প’ৰ্টছ নেটৱৰ্কে সম্প্ৰসাৰ কৰিব “ইণ্ডিয়াছ কুৱেষ্ট ফ’ৰ গোল্ড ৱুইথ কিৰেণ ৰিজিজু”, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 July 2021

ছ’নি পিকছাৰ্চ স্প’ৰ্টছ নেটৱৰ্কে সম্প্ৰসাৰ কৰিব “ইণ্ডিয়াছ কুৱেষ্ট ফ’ৰ গোল্ড ৱুইথ কিৰেণ ৰিজিজু”, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ

 ট’কিঅ’ অলিম্পিক গেমছ ২০২০ ৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভাৰতীয় দলৰ বাবে দেশক সন্মিলিত  সহযোগিতা আগবঢ়োৱাৰ বাবে বহুতো বিশিষ্ট ব্যক্তিৰ সৈতে যোগদান কৰিব কিৰেণ ৰিজিজু, জেনেৰেল বিপিন ৰাৱট আৰু  এন পি সিং য়ে


২৩ জুলাইৰ পৰা ৮ আগষ্ট ২০২১ লৈ হ’বলগীয়া ট’কিঅ’ অলিম্পিক গেমছ ২০২০ ৰ পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ পাব ছ’নি ছিক্স, ছ’নি টেন ১, ছ’নি টেন ২, ছ’নি ৩ আৰু ছ’নি টেন ৪ চেনেলসমূহত


W7s News, মুম্বাই : বিশ্বৰ সবাতোকৈ সন্মানীয় অনুষ্ঠান ট’কিঅ’ অলিম্পিক গেমছ ২০২০ আৰম্ভ হ’বলৈ মাজত মাত্ৰ ২০ দিন আৰু ছ’নি পিকছাৰ্চ স্পোৰ্টছ নেটৱৰ্ক (এসপিএসএন) ৱে বিভিন্ন ক্ষেত্ৰৰ বহুতো বিশিষ্ট ব্যক্তিৰ সৈতে আগবঢ়াব ভাৰতীয় দলৰ বাবে দেশক সন্মিলিত  সহযোগিতা আগবঢ়োৱাৰ বাবে “বেষ্ট ৱুইশ্বচ ইনিশ্বিয়েটিভ”।

এসপিএসএন ৱে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয় আৰু লগতে বিশিষ্ট ব্যক্তিসকলৰ সৈতে কৰা এই সহযোগিতাত যোগদান কৰিব ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজু, প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী আৰু ষ্টাফ কমিতিৰ সচিব প্ৰধান জেনেৰেল বিপিন ৰাৱট আৰু ছ’নি পিকছাৰ্চ নেটৱৰ্ক ভাৰতৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী এন পি সিং ৰ লগতে ৰানা ডগ্গুৱতী, অনুপম খেৰ, যুৱৰাজ সিং, বোমন ইৰাণী, ফাৰহান আখটাৰ, সোনাক্ষী সিন্‌হা, জনী লিভাৰ, আলি ফেইজল, আদিল চুমাৰিৱালা, আৰ্শ্বাদ ৱাৰ্চী, পুলেলা গোপীচান্দ, ৱিজেন্দৰ সিং, অঞ্জলী ভাগৱাত, পাৰ্থ জিন্দাল, হৰ্শ্ব ভোগলে, সুধা মুৰ্থী, শংকৰ মহাদেৱন, অনুৰাগ বাসু আৰু অন্যান্য বহুতে, যিয়ে এই গুৰুত্বপুৰ্ণ অনুষ্ঠানত দেশত অলিম্পিক জোৱাৰ সম্পৰ্কে বিশ্লেষণ আগবঢ়াব।

এসপিএসএন এ আগবঢ়াব “হম হোংগে কাময়াব” এক ধাৰাবাহিক, যি চেনেলসমূহত আৰু তেওঁলোকৰ চোছিয়েল মিডিয়া প্লেটফৰ্মসমূহত সম্প্ৰচাৰিত হ’ব, য’ত এই বিশিষ্ট ব্যক্তিসকলে টকিঅ’ অলিম্পিক গেমছ ২০২০ ৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভাৰতীয় দলক শুভেচ্ছাবাণী আগবঢ়াব। “হম হোংগে কাময়াব” প্ৰচাৰ অভিযানৰ ধাৰণা আৰু সৃষ্টি কৰিছে এসপিএসএন ৰ দলে।

ফিল্মৰ বাবে লিংকসমূহ :

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু

https://www.youtube.com/watch?v=brN_8Sfhrsk

প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী আৰু ষ্টাফ কমিতিৰ সচিব প্ৰধান জেনেৰেল বিপিন ৰাৱট

https://youtu.be/RpY1dIXxJTE

ছ’নি পিকছাৰ্চ নেটৱৰ্ক ভাৰতৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী এন পি সিং

https://youtu.be/xCwdV-GAnhA

ভাৰতৰ বিশিষ্টসকলে একেলগে আগবাঢ়ি আহিছে ভাৰতীয় দলক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে:

https://youtu.be/ot-tijT8k-A


এসপিএসএন ৱে আগবঢ়াব “ইণ্ডিয়াছ কুৱেষ্ট ফ’ৰ গোল্ড ৱুইথ কিৰেণ ৰিজিজু”, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰীৰ সৈতে এক বিশেষ সাক্ষাতকাৰ। ৰিধিমা পাঠকে আঁত ধৰা এই অনুষ্ঠানত মাননীয় মন্ত্ৰী মহোদয়ে পেণ্ডেমিকৰ প্ৰভাৱ, এথ্‌লেটিকসকলে যোৱাটি বছৰত কৰা অন্‌লাইন প্ৰশিক্ষণ, কনিষ্ঠ টিওপিএস ৰ সৈতে টিওপিএস (টাৰ্গেট অলিম্পিক পোডিয়াম স্কীম), ভৱিষ্যতে অনুষ্ঠিত কৰিবলগীয়া অলিম্পিক গেমছৰ সম্ভাৱনীয়তা, যুৱ অলিম্পিক ২০২৬, তেঁওৰ প্ৰিয় অলিম্পিক ক্ষণ, অলিম্পিক ধাৰাক ছ’নি পিকছাৰ্চৰ সহযোগিতা আৰু অন্যান্য বহুতো বিষয়ে বক্তব্য আগবঢ়াব।

ছ’নি ৬ আৰু ছ’নি টেন ৩ চেনেলত ৩ জুলাই, ২০২১ ৰ পৰা ভাৰতীয় সময় অনুযায়ী গধুলি ৬.৩০ বজাত চাবলৈ পাব “ইণ্ডিয়াছ কুৱেষ্ট ফ’ৰ গোল্ড ৱুইথ কিৰেণ ৰিজিজু”

আমাৰ খেলুৱৈসকলৰ ট’কিঅ’ যাত্ৰাক উদ্‌যাপন কৰাৰ বাবে, এসপিএসএন ৱে নিৰ্মান কৰিছে ৭ টি খণ্ডৰ “ডা টৰ্চবিয়েৰৰ্ছ” নামৰ এক ধাৰাবাহিক, য’ত অলিম্পিয়ানসকলৰ বহুতো জনা-নজনা কাহিনী দেখুওৱা হ’ব। প্ৰতিটো খণ্ডত ট’কিঅ’ অলিম্পিক গেমছ ২০২০ ত খেলুৱৈসকলে তেঁওলোকৰ স্থান সুনিশ্চিত কৰাৰ যাত্ৰাক দেখুওৱা হ’ব আৰু এজন খেলুৱৈৰ জীৱনৰ সকলো দিশ যেনে, তেঁওলোকৰ আৰম্ভনিৰ দিনৰ পৰা, তেঁওলোকৰ প্ৰশিক্ষণৰ স্বাস্থ্যবিধি আৰু উৎকৃষ্টতাৰ পথ আদি সকলো সামৰি লোৱা হ’ব। দৰ্শকৰ বাবে এই অনুষ্ঠানত দেখা পোৱা যাব নীৰজ চোপ্ৰা, ভৱানী দেৱী, মনু ভাকৰ, অভিষেক বৰ্মা, টেজিন্দৰ টুৰ আৰু অন্যান্য বহুত খেলুৱৈক, যিসকলক অতি সোনকালে ট’কিঅ’ অলিম্পিক গেমছ ২০২০ ত ভাৰতীয় পতাকা  উৰুৱা দেখিবলৈ পোৱা যাব।

৭ টি খণ্ডৰ ধাৰাবাহিক “ডা টৰ্চবিয়েৰৰ্ছ” ৯ জুলাই ২০২১ ৰ পৰা ভাৰতীয় সময় অনুযায়ী  দুপৰীয়া ১২.৩০ বজাত প্ৰত্যেক শুক্ৰ, শনি আৰু দেওবাৰে ছ’নি ছিক্স, ছ’নি টেন ১ আৰু ছ’নি টেন ৩ চেনেলত চাবলৈ পাব। 

অনুৰাগীৰ সৈতে গভীৰ ভাৱে সংযুক্ত হ’বলৈ আৰু তেঁওলোকৰ মাজত উত্তেজনা বৃদ্ধিৰ উদ্দ্যেশে, এসপিএসএন ৱে ৩ জুলাই ২০২১ ৰ পৰা “ছ’নি টেন মেডেল অৱ গ্লোৰি” নামৰ এক বৃহৎ প্ৰতিযোগিতা আয়োজন কৰিছে। প্ৰতিযোগিতা উদ্বোধন কৰিব ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু ৱে। প্ৰতিযোগিতাত ২০ দিনত ২০টা প্ৰশ্ন আগবঢ়োৱা হ’ব, ট’কিঅ’ অলিম্পিক গেমছ ২০২০ ৰ আৰম্ভনিৰ পৰা অলিম্পিক অনুৰাগীৰ মাজত আলোচনা আগবঢ়োৱাৰ লগতে নিৰ্বাচিত বিজয়ীসকলক পুৰষ্কৃত কৰা হ’ব।

দেশক প্ৰতিনিধিত্ব কৰা এই খেলুৱৈসকলৰ বিষয়ে দেশক সজাগ কৰাৰ বাবে সকলো নিশ্চিত কৰিবলৈ এসপিএসএন ৱে সকলো সম্ভানীয় পদক্ষেপ হাতত লৈছে। খেলুৱৈসকলে এই গুৰুত্বপুৰ্ণ অনুষ্ঠানলৈ সাজু কৰাৰ সময়ত, এসপিএসএন ৱে ৰাষ্ট্ৰীয় গৰিমাৰ অনুভৱ জাগ্ৰত কৰিবলৈ আৰু দেশক একগোট কৰিবলৈ, আৰু লগতে ভাৰতীয় দলক উৎসাহ প্ৰদান কৰিবলৈ লক্ষ্য আগত ৰাখিছে।


মন্তব্য:

কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ:

“মই অতি আনন্দিত হৈছো যে ট’কিঅ’ অলিম্পিক গেমছ ২০২০ ৰ আনুষ্ঠানিক সম্প্ৰচাৰক হিচাপে, ছ’নি পিকছাৰ্চ নেটৱৰ্ক ভাৰতে ভাৰতীয় খেলুৱৈসকলক সহযোগিতা আৰু উৎসাহ জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। “হম হোংগে কাময়াব” প্ৰচাৰ অভিযান এক সুন্দৰ পদক্ষেপ য’ত ভাৰতীয় দলৰ সদস্যসকলক সহযোগিতা আগবঢ়োৱাৰ লগতে তেঁওলোকৰ জীৱনৰ সকলো দিশৰ ওপৰত আলোকপাত কৰা হ’ব। মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ কল্পনাৰ ওপৰত আধাৰত ভাৰত চৰকাৰে মুকলি কৰিলে #চিয়েৰ4ইণ্ডিয়া প্ৰচাৰ অভিযান, যাৰ দ্বাৰা  আমাৰ খেলুৱৈসকলৰ বিষয়ে জনাবলৈ আৰু তেঁওলোকৰ বাবে সহযোগিতা বৃদ্ধি কৰিবলৈ সমগ্ৰ দেশত আমি বিভিন্ন পদক্ষেপ হাতত লৈছো। সকলোৰে প্ৰচেষ্টাত মই নিশ্চিত যে আমি দেশত এক উৎসাহী পৰিৱেশ গঢ়ি তুলিব পাৰিম যিয়ে আমাৰ খেলুৱৈসকলক ট’কিঅ’ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰেৰণা যোগাব।“

 এন. পি. সিং, মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক, ছ’নি পিকছাৰ্চ নেটৱৰ্ক ভাৰত:

“ট’কিঅ’ অলিম্পিক গেমছ ২০২০ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ আৰু য’ত প্ৰত্যেক ভাৰতীয় এই টুৰ্ণামেণ্টৰ উচ্চ মৰ্যদা সম্বন্ধে অৱগত যদিও, অতি কম সংখ্যক লোক দেশক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ বিষয়ে অৱগত। আমি আনন্দিত যে আমাৰ প্ৰচাৰ অভিযান “হম হোংগে কাময়াব” য়ে আশাব্যঞ্জক সঁহাৰি পাবলৈ সক্ষম হৈছে। আমাৰ প্ৰচেষ্টা হ’ল ভাৰতীয় দলক শুভ কামনা জ্ঞাপন কৰা আৰু ট’কিঅ’ অলিম্পিক গেমছ ২০২০ ত চমকপ্ৰদ প্ৰদৰ্শন লৈ বাট চোৱা।“

ছ’নি টেন ১, ছ’নি টেন ২, ছ’নি টেন ৩, ছ’নি টেন ৪ আৰু ছ’নি ছিক্স চেনেলসমূহত ২৩ জুলাই ২০২১ ৰ পৰা ৮ আগষ্ট ২০২১ লৈ ট’কিঅ’ অলিম্পিক গেমছ ২০২০ চাবলৈ পাব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here