এছিয়ামানিৰ তৰফৰ পৰা এইচডিএফচি বেংকলৈ আগবঢ়োৱা হৈছে এছিয়া প্ৰাইভেট বেংকিং এৱাৰ্ড ২০২১, ভাৰতৰ উত্তৰাধিকাৰী পৰিকল্পনা- সম্পদ স্থানান্তৰৰ সৰ্বশ্ৰেষ্ঠ কাৰ্যৰ স্বীকৃতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 22 July 2021

এছিয়ামানিৰ তৰফৰ পৰা এইচডিএফচি বেংকলৈ আগবঢ়োৱা হৈছে এছিয়া প্ৰাইভেট বেংকিং এৱাৰ্ড ২০২১, ভাৰতৰ উত্তৰাধিকাৰী পৰিকল্পনা- সম্পদ স্থানান্তৰৰ সৰ্বশ্ৰেষ্ঠ কাৰ্যৰ স্বীকৃতি

 



W7s News ষ্টাফৰিপোৰ্টাৰ : এইচডিএফচি বেংকক উৎকৃষ্ট প্ৰদৰ্শন বাবে এছিয়ামানিৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এছিয়া প্ৰাইভেট বেংকিং এৱাৰ্ড ২০২১। এই বেংকক ভাৰতত সম্পদ স্থানান্তৰ/উত্তৰাধিকাৰৰ পৰিকল্পনা (wealth transfer - succession planning) শ্ৰেণীত সৰ্বশ্ৰেষ্ঠ বুলি বিবেচিত কৰি এছিয়ামানিৰ তৰফৰ পৰা এছিয়া প্ৰাইভেট বেংকিং এৱাৰ্ড ২০২১ আগবঢ়োৱা হৈছে।


এৱাৰ্ডৰ প্ৰশংসা পত্ৰখনত এছিয়ামানিয়ে এইদৰে লিখিছে, "আমি তোমাৰ পৃথিৱীক বুজি পাওঁ" মূলমন্ত্ৰৰে কাম কৰি আছে বেংকটোৱে।শতিকাত এবাৰ দেখা দিয়া সংকটৰ সময়ত বেংক এটাৰ ওপৰত কামৰ চাপ থাকে। ২০২০ চনত এইচডিএফচি বেংকে ইমানৰ পিছতো নিজৰ কাৰ্য অধিক সুচাৰুভাৱে কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে বেংক পৰিচালনাৰ অধীনত সম্পত্তিৰ পৰিমাণ ৫৮%লৈ বৃদ্ধি পাইছিল। এইচডিএফচিয়ে যোৱা বছৰটোত ব্যক্তিগত বেংকিং আৰু বিনিয়োগ বেংকিং গোটৰ মুৰব্বী ৰাকেশক সিঙক আঁতৰাই আনি পৰ্যবেক্ষণ কৰাৰ পিছতো এই সফলতা লাভ কৰিছিল। এইটোৰ দ্বাৰা প্ৰতিপন্ন হয় যে বেংকটো যিকোনো সময়ৰ বাবে ডিজিটেলভাৱে সাজু আছিল।যিহেতু ২০২০ত ক'ভিড-১৯ দেখা দিছিল।"


এছিয়ামানিৰ এছিয়া প্ৰাইভেট বেংকিং এৱাৰ্ডৰ লক্ষ্য হৈছে যোৱা ১২ মাহত অঞ্চল অনুসৰি সেৱাৰ প্ৰদানত কাম কৰা ব্যক্তিগত বেংকিং ব্যৱসায়ৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠানবোৰ চিনাক্ত কৰা।


এৱাৰ্ডৰ সিদ্ধান্তবোৰ ইয়াৰ জ্যেষ্ঠ সম্পাদকসকলক লৈ গঠিত বিচাৰক পেনেলৰ দ্বাৰা লোৱা হৈছিল আৰু ইয়াৰ অধ্যক্ষতাত আছিল এছিয়ামানিৰ সম্পাদক। আলোচনীখনে বেংকৰ পৰা পিটচ (pitch)জমা দিয়াৰ ওপৰত নিৰ্ভৰ কৰে, পিছত স্বাধীন সিদ্ধান্ত লবলৈ গৱেষণা আৰু সাক্ষাৎকাৰ কৰে।


হংকংস্থিত আলোচনীখনে আৰু লিখিছে: "এইচডিএফচিয়ে বিশ্বাসৰ দীৰ্ঘম্যাদী প্ৰকৃতি উপলব্ধি কৰিছে আৰু সম্পত্তি পৰিকল্পনা সেৱাসমূহ আৰু ৰেফাৰেল(referral) অংশীদাৰ বাছনি কৰাৰ বাবে এক অতি কঠোৰ প্ৰক্ৰিয়া বজাৰত স্থাপন কৰিছে। বেংকে গোটেই পৃথিৱীজুৰি তীৰৰ(shore) শাখাৰ সৈতে 

প্ৰতিনিধি কাৰ্যালয় পৰিচালনা কৰে। ইয়াৰ ফলত বেংকে ২০২০ চনৰ এপ্ৰিলত কিছুমান দৃঢ় বিনিয়োগ কল কৰিবলৈ সক্ষম হৈছিল, 

উদাহৰণস্বৰূপে এইচডিএফচিয়ে গ্ৰাহকসকলক তেওঁলোকৰ মুুুঠ সম্পত্তি পৰিমাণৰ ৭০% ইকুইটিত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছিল। ই গ্ৰাহকসকলক ঋণৰ পৰা ইকুইটিলৈ পুনৰ সন্তুলিত হ'বলৈ কৈছিল যিহেতু ইকুইটি হ্ৰাস হোৱাত বজাৰবোৰত তেওঁলোকৰ সম্পত্তি আৱণ্টন কমি গৈছিল। কৌশলটো সস্তীয়া মূল্যাঙ্কনৰ ওপৰত আধাৰিত আছিল আৰু পৃথিৱীজুৰি ডাঙৰ কেন্দ্ৰীয় বেংকৰ তৰলতা সঞ্চাৰৰ বাবে প্ৰত্যাশা আছিল।এইটোৱে ভালদৰে কাম কৰিছিল আৰু এইচডিএফচিৰ ধনী গ্ৰাহকসকলৰ বাবে ইকুইটি বজাৰবোৰ ২০২০ চনত কেলেণ্ডাৰ বৰ্ষ শেষলৈ প্ৰায় ৯০% বৃদ্ধি হৈছিল।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here