ক'ভিড টিকাকৰণ শিবিৰ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 July 2021

ক'ভিড টিকাকৰণ শিবিৰ সম্পন্ন

 


 

W7s News ষ্টাফৰিপোৰ্টাৰ  : সদৌ অসম নেতাজী কমিটি আৰু কেন্দ্ৰীয় গুৱাহাটী উন্নয়ন কমিটিৰ উদ্যোগত তথা ৰাজ্য চৰকাৰৰ স্বাস্হ্য বিভাগৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এটা ক'ভিড টিকাকৰণ শিবিৰৰ সোমবাৰে সামৰণি পৰে। এই শিবিৰত ১৮ বছৰৰ উৰ্ধৰ আৰু ৪৫ বছৰৰ উৰ্ধৰ মুঠ তিনিশতাধিক লোকক প্ৰথমপালি ভেকচিন দিয়া হয়। পল্টন বজাৰৰ বেংগলী গাৰ্লছ হাইস্কুলত অনুষ্ঠিত এই শিবিৰৰ সামৰণি অনুষ্ঠানত হোজাই সমষ্টিৰ বিধায়ক প্ৰাণকৃষ ঘোষ, প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, অল আছাম নেতাজী কমিটিৰ কাৰ্যকৰী সভাপতি দেবাশিষ সেনগুপ্ত, সাধাৰণ  সম্পাদক ৰাজীৱ দাস, সহকাৰী সাধাৰণ সম্পাদক ৰবি মিশ্ৰ, উপদেষ্টা যুৱৰাজ শৰ্মা, প্ৰাণতোষ ৰায় আদি উপস্থিত থাকে। এই অনুষ্ঠানত বিধায়ক প্ৰাণ কৃষ্ণ ঘোষৰ সৈতে বিদ্যালয়ৰ উন্নয়ন সম্পৰ্কে আলোচনা কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here