মূকাভিনয়ৰে সজাগতামূলক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 4 July 2021

মূকাভিনয়ৰে সজাগতামূলক অনুষ্ঠান

 



#covid awarness#mime


W7s News, ষ্টাফৰিপোৰ্টাৰ: ক'ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ আৰু সাৱধান কৰাৰ উদ্দেশ্যে চানচাইন, গুৱাহাটীৰ  উদ্যোগত এক জনসচেতনতা মূলক কাৰ্যসূচী দেওবাৰে গ্ৰহণ কৰা হয়। যুৱ মূকাভিনেতা মিনাংক ডেকাৰ মূকাভিনয়ৰে মাস্ক, চেনিটাইজাৰ গুৰুত্ব বুজাই দিয়াৰ লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়। বৰাগাঁও, গড়চুক ,লখৰা অঞ্চলৰ বজাৰ সমূহত হোৱা এই অনুষ্ঠানৰ লগতে বৰাগাঁও ৰ স্থানীয় তিনিগৰাকী আশা কৰ্মীক এই সময়ত সেৱা আগবঢ়াই থকাৰ বাবে সম্বৰ্ধনা আগবঢ়োৱা হয়।  অনুষ্ঠানত চানচাইন গুৱাহাটীৰ সভাপতি দেৱজিত ৰাজবংশী , সম্পাদক ক্ৰমে সঞ্জীৱন কলিতা আৰু কমল কলিতাৰ লগতে সমূহ বিষয়ববীয়া আৰু সকলো সদস্য উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here