চৰকাৰৰ অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধে এছ এফ আইৰ ৰাজ্যজুৰি প্ৰতিবাদ : মুখ্যমন্ত্ৰীয়ে এতিয়া বিভ্ৰান্তি সৃষ্টি কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 3 July 2021

চৰকাৰৰ অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধে এছ এফ আইৰ ৰাজ্যজুৰি প্ৰতিবাদ : মুখ্যমন্ত্ৰীয়ে এতিয়া বিভ্ৰান্তি সৃষ্টি কৰিছে

 



W7s News, ষ্টাফৰিপোৰ্টাৰ : ভাৰতৰ ছাত্ৰ ফেডাৰেচনে শনিবাৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰা নতুন মূল্যাংকন পদ্ধতিৰ জৰিয়তে লাভ কৰা নম্বৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি কৰা ঘোষণা বাতিল কৰাৰ দাবীত ৰাজ্যজুৰি শাৰীৰিক দূৰত্ব ৰাখি অথবা ঘৰৰ পৰাই সামাজিক মাধ্যমৰ জৰিয়তে আন্দোলন সংগঠিত কৰে । এছ এফ আইৰ কামৰূপ মহানগৰ জিলা কমিটিৰ সহযোগত গুৱাহাটীৰ গুৱাহাটী ক্লাব ৰ'টাৰীত দিনৰ ২ বজাৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হয় । ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি কৰা ঘোষণাক অদ্ভুত আৰু অবিবেচক বুলি অভিহিত কৰাৰ লগতে সংগঠনটোৱে পূৰ্বতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কিন্তু এইবাৰ আকৌ অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰসকলৰ বাবে নিৰ্ধাৰণ কৰা মুল্যাংকন ফৰ্মূলাটো পুনৰ বিবেচনা কৰাৰো দাবী উত্থাপন কৰে। "ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ খেলা কৰা নচলিব, 

 অসম চৰকাৰৰ টোগলকী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আদি শ্লোগানৰে প্ৰতিবাদ স্থলি মুখৰিত হৈ উঠে। এছ এফ আইয়ে লক্ষ্য কৰিছে যে এনে সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ বৃদ্ধি কৰাৰ লগতে এক অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি পঠিয়াইছে।

আজি অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে কেৱল টেট শিক্ষকৰ নিযুক্তিৰ ক্ষেত্রতহে এই নম্বৰ প্ৰযোজ্য নহ'ব । কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ চি বি এছ ই-ৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে যিহেতু একেধৰণৰ এক মূল্যাংকন পদ্ধতিৰ ভিত্তিত নম্বৰ পাব, তেওঁলোকৰ নম্বৰো গ্ৰহণ কৰা নহ'ব নেকি? তাৰোপৰি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ এজন ছাত্ৰ-ছাত্ৰীয়ে আজিয়েই ভৱিষ্যতে টেট পৰীক্ষা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ কথাৰ মাজেদি সমস্যা সমাধান কৰাৰ সলনি কেৱল বিভ্ৰান্তিহে সৃষ্টি কৰিছে। কোনো শিক্ষানুষ্ঠানত নামভৰ্তিৰ পিছত কেৱল ভবিষ্যতৰ চাকৰিৰ শংকাতেই পুনৰ পৰীক্ষা দিবলৈ অহাটো হাস্যকৰ ! অসম চৰকাৰৰ এনেবোৰ কাণ্ডই ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যা বৃদ্ধিহে কৰিছে।


এছ এফ আইয়ে এই কথাও লক্ষ্য কৰিছে যে যোৱাবাৰ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা অথচ নিজৰ নম্বৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে এইবাৰ পুনৰ অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিৰ্ধাৰণ কৰা ফৰ্মূলাই যথেষ্ট অসুবিধাত পেলাব । এই ফৰ্মূলাও পুনৰ বিবেচনা কৰাৰ দাবী সংগঠনটোৱে উত্থাপন কৰে ।


গুৱাহাটীত সংগঠিত প্ৰতিবাদত ৰাজ্যিক সম্পাদক নিৰংকুশ নাথ, কেন্দ্ৰীয় নেত্ৰী সংগীতা দাস আৰু কামৰূপ মহানগৰৰ জিলা সম্পাদক কল্যান বুঢ়াগোহাঁই উপস্থিত থাকে। গুৱাহাটীৰ উপৰি আজিৰ প্ৰতিবাদ বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, নগাঁও, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, কৰিমগঞ্জ, হাইলাকান্দিত অনুষ্ঠিত হয় বুলি এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ সভাপতি

কাশ্যপ চৌধুৰী আৰু সম্পাদক নিৰংকুশ নাথে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here