১১জুলাই - বিশ্ব জনসংখ্যা দিৱসৰ উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ই-স্বাক্ষৰ অভিযান আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 July 2021

১১জুলাই - বিশ্ব জনসংখ্যা দিৱসৰ উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ই-স্বাক্ষৰ অভিযান আৰম্ভ

 


#world population day#janasankhya samadhan foundation#asaam


  W7s, News ষ্টাফৰিপোৰ্টাৰ : জনসংখ্যা বিস্ফোৰণৰ ফলত দেশৰ জনগাঠনি সুস্থিৰতালৈ প্ৰচণ্ড ভাবুকি আহি পৰিছে, ভাবুকি আহিছে দেশৰ  ঐক্য আৰু অখণ্ডতালৈ ভাবুকি আহি পৰিছে সেয়েহে আমি সমগ্ৰ ভাৰততে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ  পোষকতাৰে  দাবী জনাই আহিছো আৰু জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ অভিযান চলাই আহিছে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে। সেই দৃষ্টি আগত ৰাখি  আগন্তুক ১১জুলাই - বিশ্ব জনসংখ্যা দিৱস আৰু জনসংখ্যা সমাধান ফাউণ্ডেচনৰ প্ৰতিস্থা দিৱস  উপলক্ষে ডিজিটেল অনলাইন ই-স্বাক্ষৰ অভিযানৰ জৰিয়তে  ১ লাখ স্বাক্ষৰৰে একোখন স্মাৰক পত্ৰ সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লৈ প্ৰেৰণ কৰা লক্ষ্যৰে আজিৰ পৰা এই অভিযান জনসংখ্যা সমাধান ফাউণ্ডেচনৰ উত্তৰ-পূৱ ভাৰত ক্ষেত্ৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডেৰ প্ৰথম স্বাক্ষৰৰে শুভ আৰম্ভ কৰা হৈছে বুলি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ   অসম প্ৰান্তৰ সাধাৰণ সম্পাদক অনিৰ্বাণ গোস্বামীয়ে এক প্ৰেছ বিবৃতিযোগে জনায়।  স্বাক্ষৰ অভিযানৰ শুভ আৰম্ভ কৰি অধ্যক্ষ পাণ্ডে শ্ৰদ্ধাৰ দেশবাসীক আহ্বান জনাই কয় “জনসংখ্যা সমাধান ফাউণ্ডেচনৰ” ৱেবচাইত  www.jsfnortheastindia.org গৈ অনলাইন  গণ স্বাক্ষৰ অভিযানক সফল কৰি মানবতাৰ ধৰ্ম আৰু প্ৰকৃতি সুৰক্ষা অৰ্থে  নিজৰ নিজৰ বহুমূলীয়া স্বাক্ষৰ প্ৰদান কৰি লাগে ।  এই অনলাইন গন-স্বাক্ষৰ অভিযানৰ সফল কৰিবৰ বাবে উত্তৰ-পূৱ ক্ষেত্ৰৰ  ত্ৰিপুৰাৰ অধ্যক্ষ ড° পাৰ্থ চক্ৰবৰ্তী, মহিলা শক্তি সংযোজক ড° বিজয়া মিত্ৰ,সংগঠন মন্ত্ৰী  পাৰ্থ চৌধুৰী, মণিপুৰৰ অধ্যক্ষ ড° ধীৰেণ সিংহ, মহিলা শক্তি সমন্বয়ক ড° জয়ালক্ষ্মী দেবী, সংগঠন মন্ত্ৰী অজিত মেতি,  মেঘালয়ৰ সমন্বয়ক ৰুপম শৰ্মা আৰু অসমৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মা, সংগঠন মন্ত্ৰী ইস্পিতা বৰুৱা, স্বাস্থ্য সমন্বয়ক  জাহ্নৱী গোস্বামীক জনসংখ্যা সমাধান ফাউণ্ডেচনৰ উত্তৰ-পূৱ ভাৰত ক্ষেত্ৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে আৰু সংগঠন মন্ত্ৰী ড° শুভজিৎ চৌধুৰীৰ স্বাক্ষৰিত এক পত্ৰ দ্বাৰা তাদাৰকৰ দায়িত্ব প্ৰদান কৰে। আনহাতে এই ই-স্বাক্ষৰ অভিযানৰ অসমত প্ৰথম চহী কৰি  জনসংখ্যা সমাধান ফাউণ্ডেচন, অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই কয় যে  অসম বৰ্তমান এক বিশেষ ধৰ্মৰ গোপন এজেণ্ডাৰ চিকাৰ হৈছে । সেয়েহে অসমৰ খিলঞ্জীয়া ভুমিপুত্ৰ সকলৰ মনত ই এক গভীৰ শংকা ঘনীভূত কৰিছে । আনহাতে কটন বিশ্ববিদ্যালয়ৰ  অধ্যাপক তথা জনসংখ্যা সমাধান ফাউণ্ডেচন, অসম প্ৰান্তৰ সংযোজক ড° জ্ঞানেন্দ্ৰ ৰ্বমন কয় অসমত Total Fertility Rate (TRF)  যি এক অসন্তুোলন ৰ্বত্তি আছে তেন্তে দুটা দশকৰ পিছত অসমত খিলঞ্জীয়া লোকৰ সংখ্যা ৪০% (চল্লিচ শতাংশৰ) তললৈ নামিব। আন্তৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি Total Fertility Rate (TRF) হ’ব লাগে ২.১% কিন্তু যোৱা প্ৰায় ১৫ বছৰত অসমত খিলঞ্জীয়াৰ এই হাৰ ২.১% যথেষ্ট কম আছে এইয়া উদ্বিগ্নতাৰ বিষয়।  সেয়ে অসম চৰকাৰে অতিশীঘ্ৰে অসমৰ জনসংখ্যা বিস্ফোৰণ হোৱা অঞ্চল সমূহ চিনাক্ত কৰি বন্ধ্যাকৰণকে ধৰি সকলো যাবতীয় ব্যৱস্থা  কঠোৰ ভাবে প্ৰনয়ন কৰিব লাগে বুলি কৈ অধ্যাপক  বৰ্মন ডাঙৰীয়াই সকলো লোককে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে www.jsfnortheastindia.org  জৰিয়তে আৰম্ভ কৰা ই-স্বাক্ষৰ অভিযানত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here