বিধায়কৰ ভূমিকা সম্পৰ্কে মুখ্যমন্ত্ৰীৰ অসাংবিধানিক আৰু অগণতান্ত্ৰিক বক্তব্যৰ বিৰুদ্ধে চি পি আই (এম)ৰ ৰাজ্যজোৰা প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 July 2021

বিধায়কৰ ভূমিকা সম্পৰ্কে মুখ্যমন্ত্ৰীৰ অসাংবিধানিক আৰু অগণতান্ত্ৰিক বক্তব্যৰ বিৰুদ্ধে চি পি আই (এম)ৰ ৰাজ্যজোৰা প্ৰতিবাদ

 






W7s News, ষ্টাফৰিপোৰ্টৰ : 

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলৰ নিৰ্বাচিত বিধায়কৰ ক্ষমতা সম্পৰ্কত কৰা অগণতান্ত্ৰিক আৰু অসাংবিধানিক মন্তব্যক ধিক্কাৰ জনাই দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি চি পি আই (এম) দলৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে ৰাজ্যিক কেন্দ্ৰ গুৱাহাটীৰ লগতে প্ৰতিখন জিলাতে ক'ভিড বিধি মানি আৰু প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যিক কেন্দ্ৰ গুৱাহাটীৰ ৰ'টাৰীৰ ওচৰত পুৱা ১১ বজাৰ পৰা শতাধিক প্ৰতিবাদকাৰীৰ উপস্থিতিত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয়। "মুখ্যমন্ত্ৰীৰ অগণতান্ত্ৰিক আৰু অসাংবিধানিক বক্তব্য উঠাই লওক", "গণতন্ত্ৰৰ নামত স্বৈৰাচাৰ নচলিব" - আদি শ্লোগানেৰে গুৱাহাটী ক্লাৱৰ ৰ'টাৰী উত্তাল কৰি তোলে। কাৰ্যসূচীত ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য, জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, বিধায়ক মনোৰঞ্জন তালুকদাৰ, কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ আদি উপস্থিত থাকে। প্ৰতিবাদস্থলিত ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য, বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে কামৰূপ মহানগৰ জিলাৰ সম্পাদক শতঞ্জীৱ দাসেও বক্তব্য ৰাখে। মুখ্যমন্ত্ৰীৰ বক্তব্যক তীব্ৰ প্ৰতিবাদ কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে এয়া সংসদীয় গণতন্ত্ৰৰ বাবে বিপদজনক বুলি মন্তব্য কৰে। জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত বিধায়ক এজনৰ সাংবিধানিক ক্ষমতাক নসাৎ কৰি বক্তব্য ৰখাতো স্বৈৰাতন্ত্ৰৰ আগজাননী। ইয়াৰ বিৰুদ্ধে চি পি আই (এম) দলে বিধান সভাৰ বাহিৰৰ লগতে ভিতৰতো তীব্ৰ প্ৰতিবাদ কৰিব। ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীৰ বক্তব্য অগণতান্ত্ৰিক আৰু সংবিধান বিৰোধী বুলি অভিহিত কৰি তীব্ৰ প্ৰতিবাদ কৰে। এই প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী ক্লাৱৰ উপৰি কামৰূপ মহানগৰ জিলাৰ মালিগাঁও, ছয় মাইল, বশিষ্ঠত হোৱাৰ লগতে নগাঁও,যোৰহাট, নলবাৰী, কামৰূপ, ডিব্ৰুগড়, শোণিতপুৰ, বৰপেটা,গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, ধেমাজি আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইত ৰূপায়ণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here