খানাপাৰাত অত্যাধুনিক পশুচিকিৎসা ক্লিনিক মুকলি পশু চিকিৎসাক সামাজিক দায়বদ্ধতা হিচাপে লোৱাৰ আহ্বান মনোজ শইকীয়াৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 July 2021

খানাপাৰাত অত্যাধুনিক পশুচিকিৎসা ক্লিনিক মুকলি পশু চিকিৎসাক সামাজিক দায়বদ্ধতা হিচাপে লোৱাৰ আহ্বান মনোজ শইকীয়াৰ

 




W7s News, ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটীৰ খানাপাৰাত ভেট চিটি নামেৰে এখনি অত্যাধুনিক ক্লিনিক দেওবাৰে মুকলি কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আধুনিক এই ক্লিনিকৰ সকলোধৰণৰ পৰীক্ষা আৰু চিকিৎসা সেৱা উপলব্ধ হ’ব। যুৱ পশু চিকিৎসক ড০ নবাব ইউনিচ আৰু ঋতুপৰ্ণ গগৈৰ প্ৰচেষ্টাত গঢ়লৈ উঠা এই ক্লিনিকখনে এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিলে বুলি মন্তব্য কৰি উদ্বোধক অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় 'বৃত্তিগত তথা বানিজ্যিক বিষয়টো থাকিলেও সমানে সমানে এই ক্ষেত্ৰখনত সামাজিক দায়বদ্ধতাও থকাটো প্ৰয়োজন। অনুষ্ঠানত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ডা০ বিবেকানন্দ শইকীয়া আৰু কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here