৮৮ বছৰত কনকসেন ডেকা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 July 2021

৮৮ বছৰত কনকসেন ডেকা

 




ড০ দয়ানন্দ পাঠক ৰচিত


'Apostles of Assam Vaishnavism The Aatapurushas' উন্মোচন



W7s News ষ্টাফৰিপোৰ্টাৰ : প্ৰথিতযশা সাহিত্যিক-সাংবাদিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাৰ ৮৮ বছৰীয়া জন্মদিন শুকুৰবাৰে তেওঁৰ শুভাকাংক্ষী সকলৰ উদ্যোগত ক'ভিড বিধি মানি গুৱাহাটীৰ অগ্ৰদূত ভৱনত পালন কৰা হয়। বৰ্ষীয়ান সাংবাদিকজনৰ ওপজা দিনৰ লগত সংগতি ৰাখি বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক আৰু বৈষ্ণৱ পণ্ডিত ড০ দয়নন্দ পাঠকৰ দ্বাৰা ৰচিত 'Apostles of Assam Vaishnavism The Aatapurushas' শীর্ষক ইংৰাজী  ভাষাৰ গ্ৰন্থখন

উন্মোচন কৰা হয়। এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক- সাংবাদিক কনকসেন ডেকাই। গ্ৰন্থখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ১০ জন মূল শিষ্য তথা বৈষ্ণৱ ধৰ্ম প্ৰচাৰকৰ জীৱনৰ বৃত্তান্ত সন্নিবিষ্ট কৰা হৈছে। সভাৰ আৰম্ভণিতে লেখক দীপাংক হাজৰিকাই কনকসেন ডেকাৰ কৰ্মজীৱন আৰু ড০ দয়নন্দ পাঠকৰ সাহিত্য সৃষ্টিৰ বিষয়ে আলোকপাত কৰে। তাৰপাছত গ্ৰন্থ উদ্যোগী, পাদ্মশ্ৰী ড০  সূৰ্য হাজৰিকাই অসমীয়া বৈষ্ণৱ সাহিত্যৰ বিশেষকৈ গুৰু দুজনাৰ ৰচিত নাটসমূহৰ ইংৰাজী আৰু বিশ্বৰ অন্য ভাষালৈ অনুবাদ আৰু পৰিবেশনৰ বিষয়ে বক্তব্য আগবঢ়ায়। লগতে এই দিশত ড০ দয়ানন্দ পাঠকে কৰা উল্লেখযোগ্য অনুবাদ সমূহৰ বিষয়ে অৱগত কৰে। এই অনুষ্ঠানত সাহিত্যিক ভাৱনী প্ৰসাদ অধিকাৰী,  অসম বিজ্ঞান সমিতিৰ সাধাৰণ সম্পাদক ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী, বিদ্যাভাৰতীৰ সৰ্ব ভাৰতীয় সচিব ব্ৰাহ্মজী ৰাও, লেখক প্ৰমোদ কাকতী, কৈলাশ চৌধুৰী, ৰমেন দাস, জিটুমণি বৰা, সাহিত্য ভাৰতীৰ ড০ গীতা দত্ত চহৰীয়া, বৰষা নাথ কলিতা আদি উপস্থিত থাকে। ওপজাদিন উপলক্ষে প্ৰবীণ সাংবাদিক কনকসেন ডেকাক ড০ ভূপেন হাজৰিকা ফাউণ্ডেচন, প্ৰাগজ্যোতি কমিউনিকেচন, গুৱাহাটী বিহু সন্মিলনী, লতাশিল আদি অনুষ্ঠানে শুভেচ্ছা জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here