মুখ্যমন্ত্ৰীৰ ক'ভিডত বিধৱা মহিলাক সাহায্য আঁ‌চনিৰ অধীনত হোজাইত মন্ত্ৰী শুক্লবৈদ্যৰ ৩১ গৰাকী হিতাধিকাৰীক চেক্ বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 July 2021

মুখ্যমন্ত্ৰীৰ ক'ভিডত বিধৱা মহিলাক সাহায্য আঁ‌চনিৰ অধীনত হোজাইত মন্ত্ৰী শুক্লবৈদ্যৰ ৩১ গৰাকী হিতাধিকাৰীক চেক্ বিতৰণ

 





W7s News, ষ্টাফৰিপোৰ্টাৰ : পৰিৱেশ আৰু বন, মীন আৰু আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শনিবাৰে মুখ্যমন্ত্ৰীৰ ক'ভিডত বিধৱা মহিলালৈ সাহায্য প্ৰদান আঁ‌চনিৰ অধীনত ৩১ গৰাকী হিতাধিকাৰীৰ মাজত চেক্ বিতৰণ কৰে।  বিধায়ক ৰামকৃষ্ণ ঘোষ, বিধায়ক শিবু মিশ্ৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিজেপি, অগপ, কংগ্ৰেছ,এআইইউডিএফৰ জিলা সভাপতি আৰু অন্যান্য জিলা বিষয়ববীয়াৰ উপস্থিতিত জিলা উপায়ুক্তৰ কনফাৰেন্স হলত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী শুক্লবৈদ্যই চেক্ বিতৰণ কৰি প্ৰকাশ কৰে যে অনাগত দিনবোৰত অধিক পৰিয়ালক এই সাহায্য প্ৰদান কৰা হ'ব। ক'ভিড আক্ৰান্ত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ আঁ‌চনিসমূহক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বদান্যতাৰ পৰিচয় বুলি মতপোষণ কৰি শুক্লবৈদ্যই কয় 'এককালীন আঢ়ৈ লাখ টকাৰ সাহায্য আগবঢ়োৱা এইখন এক সম্পূৰ্ণ মানৱতাবাদী অনন্য আঁ‌চনি। "এই আঁ‌চনিখন মুখ্যমন্ত্ৰীৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতি থকা দ্বায়িত্ব আৰু মৰমৰ প্ৰতিফলন।"

হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে শুক্লবৈদ্যই নিশ্চয়তা প্ৰদান কৰে যে যিসকলৰ নাম তালিকাৰ পৰা বাদ পৰিছে, জিলা প্ৰশাসনে পৰৱৰ্তী তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখ্য, ক'ভিডত স্বামীক হেৰুওৱা ৰেবতী দেৱী মঞ্চলৈ উঠি আহিব অসমৰ্থ হোৱাত মন্ত্ৰী শুক্লবৈদ্যই নিজেই তেওঁৰ ওচৰলৈ গৈ চেক্ প্ৰদান কৰি অনন্য দৃষ্টান্ত দাঙি ধৰে। এই চেক্ বিতৰণ অনুষ্ঠান সম্পূৰ্ণভাৱে ক'ভিড প্ৰট'কলৰ মাজেৰে অনুষ্ঠিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here