পৰীক্ষাৰ মূল্যায়নৰ পদ্ধতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 July 2021

পৰীক্ষাৰ মূল্যায়নৰ পদ্ধতি

 






W7s News, নিউজ ডেস্ক: 

* মেট্ৰিকত ৯ম শ্ৰেণীৰ পৰা ৪০%, ১০ম শ্ৰেণীৰ পৰা ৪০%, আভ্যন্তৰীণ মূল্যায়ন ২০%৷

* ১০ম শ্ৰেণীৰ তথ্য নাথাকিলে ৯ম শ্ৰেণীৰ পৰা ৭০%, আভ্যন্তৰীণ মূল্যায়ন ৩০%৷

* উচ্চতৰ মাধ্যমিক (practical) বিষয়ত মেট্ৰিকৰ শ্ৰেষ্ঠ নম্বৰ পোৱা ৩টা বিষয়ৰ পৰা ৫০%, practicalৰ পৰা ৩০%, আভ্যন্তৰীণ মূল্যায়ন ১০% আৰু মুঠ নম্বৰৰ ১০%৷

* উচ্চতৰ মাধ্যমিক (non-practical) বিষয়ত মেট্ৰিকৰ শ্ৰেষ্ঠ নম্বৰ পোৱা ৩টা বিষয়ৰ পৰা ৫০%, আভ্যন্তৰীণ মূল্যায়ন ৪০% আৰু মুঠ নম্বৰৰ ১০%৷

* ইচ্ছুকসকলে বিশেষ পৰীক্ষাত বহিব পাৰিব৷

* ভৱিষ্যতে টেট আৰু মেট্ৰিক/হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰৰ ভিত্তিত যোগ্যতা নিৰ্ণয় হোৱা চাকৰিৰ ক্ষেত্ৰত বিবেচিত নহ’ব এই পদ্ধতিৰ ফলাফল৷ ইয়াকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এছ অফ আই, অসম ৰাজ্যিক কমিটিয়ে। এক বিবৃতিযোগে এছ এফ আই অসম ৰাজ্যিক কমিটিৰ

 সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক

 নিৰংকুশ নাথে কয় '' মূল্যায়ন পদ্ধতিৰ জৰিয়তে চাকৰিৰ বাবে প্ৰযোজ্য নহ'ব বুলি কৰা শিক্ষামন্ত্ৰীৰ ঘোষণা।

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে আজি শিক্ষা বিভাগে মূল্যাংকন পদ্ধতি ঘোষণা কৰিছে আৰু তাৰ সমান্তৰালকৈ ঘোষণা কৰিছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই মূল্যায়ন পদ্ধতিকলৈ সন্তুষ্ট নহয়, তেওঁলোকে পৰৱৰ্তী সময়ত  পৰীক্ষা দিব পাৰিব । কিন্তু পৰিতাপৰ বিষয়যে যিসকলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰৰ ওপৰত নিৰ্ভৰশীল চাকৰিৰ বাবে চৰকাৰে ঘোষণা কৰা মূল্যাংকন পদ্ধতি প্ৰযোজ্য নহ'ব বুলি কৰা শিক্ষামন্ত্ৰীৰ বক্তব্য অবিবেচক বুলি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে মত পোষণ কৰিছে । এছ এফ আইৰ স্পষ্ট আজি ঘোষণা কৰা মূল্যাংকন পদ্ধতিৰ জৰিয়তে লাভ কৰা নম্বৰ সকলো কামতে ব্যৱহাৰৰ যোগ্য হ'ব লাগিব তথা যিসকলে এই পদ্ধতিৰ লগতে পিছত পৰীক্ষা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে, সেইসকলৰ ক্ষেত্ৰত দুয়োটা নম্বৰৰ বেছি নম্বৰটো গ্ৰহণ কৰাৰ সুবিধা থকা উচিত। আজি ঘোষণা কৰা মূল্যাংকন পদ্ধতিৰ জৰিয়তে লাভ কৰা নম্বৰ কেৱল নামভৰ্তিৰ বাবে প্ৰযোজ্য হ'লে এই সমস্ত কাৰ্য এক টোগলকী কাণ্ডলৈ ৰূপান্তৰিত হ'ব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here