ছ’নি পিক্‌চাৰছ স্পোৰ্টছ নেটৱৰ্ক ত উপলব্ধ হ’ব অহা ১১ জুন ২০২১ ৰ পৰা আৰম্ভ হ’বলগীয়া ইউঈএফএ ইউৰো - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 25 June 2021

ছ’নি পিক্‌চাৰছ স্পোৰ্টছ নেটৱৰ্ক ত উপলব্ধ হ’ব অহা ১১ জুন ২০২১ ৰ পৰা আৰম্ভ হ’বলগীয়া ইউঈএফএ ইউৰো

 


 ২০২০আৰু বৰ্ষৰ সৰ্ববৃহৎ আন্তৰ্জাতিক ফুটবল টুৰ্ণামেণ্ট ক’পা আমেৰিকা ২০২১ ৰ সমগ্ৰ লাইভ সম্প্ৰচাৰ


~ ছ’নি পিক্‌চাৰছ স্পোৰ্টছ নেটৱৰ্ক এ ইউঈএফএ ইউৰো ২০২০ ৰ বিশিষ্ট পেনেলিষ্টৰ নাম ঘোষণা কৰে য’ত বাইচুং ভূটীয়া, সুনীল চেট্ৰী, লুইচ সাহা, লুই গাৰ্চিয়া, ডন হাট্‌চ্ছিচন, ডেভিড জেমচ, টেৰি ফেলান, মাৰ্ক চিগ্ৰেভচ, এস্‌লে ৱেষ্টৱূড, জ’ফ্ৰি মেটেউ,, গুৰপ্ৰিত সিং সান্ধু, সন্দেচ জিংঘান আৰু ৰবিন সিং ৰ নাম সন্নিবিষ্ট হৈছে ~

~ ইউঈএফএ ইউৰো ২০২০ ছয় টি ভাষাত সম্প্ৰচাৰিত হ’ব – ইংৰাজী, হিন্দী, বঙালী, তামিল, তেলেগু আৰু মালায়ালম ত ~



W7s, News ষ্টাফৰিপোৰ্টাৰ : ছ’নি পিক্‌চাৰছ স্পোৰ্টছ নেটৱৰ্ক (এসপিএসএন) ত সম্প্ৰসাৰিত হ’বলগীয়া দুখনকৈ অতি সন্মানীয় আন্তৰ্জাতিক ফুটবল টুৰ্ণামেণ্ট ইউঈএফএ ইউৰো ২০২০ আৰু ক’পা আমেৰিকা ২০২১ ৰ সহিতে ভাৰতীয় ফুটবল প্ৰেমীসকল সাজু হৈছে দুখন সৰ্ববৃহৎ ফুটবল উৎসৱৰ বাবে। অতুলনীয় উপভোগ অভিজ্ঞতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে, ছ’নি পিক্‌চাৰছ স্পোৰ্টছ নেটৱৰ্ক এ টুৰ্ণামেণ্টসমূহৰ পোগ্ৰেমিং পদক্ষেপসমূহৰ বিষয়ে ঘোষণা কৰে য’ত আন্তৰ্জাতিক মানদণ্ডৰ অনুষ্ঠান ভাৰতীয় দৰ্শকৰ ওচৰলৈ অনাৰ প্ৰয়াস কৰিছে। 

এসপিএসএন এ ইউঈএফএ ইউৰো ২০২০ সমগ্ৰ ভাৰতৰ বৃহৎ পৰিষৰৰ দৰ্শকক সামৰি ছয় টি ভাষাত সম্প্ৰচাৰিত হ’ব, সেয়া হ’ল – ইংৰাজী, হিন্দী, বঙালী, তামিল, তেলেগু আৰু মালায়ালম ত। ১১ জুন ২০২১ ৰ পৰা আৰম্ভ হ’বলগীয়া ইউঈএফএ ইউৰো ২০২০ ২৪ টি শ্ৰেষ্ঠ দলৰ অংশগ্ৰহণেৰে ইউৰোপৰ ১১ খন চহৰত অনুষ্ঠিত হ’ব  - আৰু অনুৰাগীসকলে এই উত্তেজনাময় খেল ছ’নি টেন ২, ছ’নি টেন ৩, ছ’নি ছিক্স আৰু ছ’নি টেন ৪ ত লাইভ হ’ব আৰু ছ’নিলিভ এপ্‌ত লাইভষ্ট্ৰীমত উপভোগ কৰিব পাৰিব।

ক্ৰীড়া অনুৰাগীসকলে ক’পা আমেৰিকা ২০২১ লৈ আগ্ৰহেৰে বাট চাব পাৰে য’ত ১০ খন অংশগ্ৰহণকাৰী দেশৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ যেনে লিওনেল মেসি, নেইমাৰ জুনিয়ৰ, ডেনি আল্ভচ, গেব্ৰিয়েল জিচাচ, এলিচন বেকাৰ, জেমচ ৰড্ৰিগ্‌চ, ৰ’বাৰ্টো ফাৰ্মিনো, পাওলো ডাইবালা, চেৰ্‌জিও আগুৱেৰো আৰু অন্যান্য বহুতো নাম সন্নিৱিষ্ট হৈছে। ক’পা আমেৰিকা ছ’নি টেন ১, ছ’নি টেন ২, ছ’নি ছিক্স আৰু ছ’নি টেন ৪ চেনেলসমূহত ১৪ জুনৰ পৰা পাঁচটি ভাষাত লাইভ সম্প্ৰচাৰিত হ’ব সেয়া হ’ল ইংৰাজী, বঙালী, তামিল, তেলেগু আৰু মালায়ালম আৰু অনুৰাগীসকলে ছ’নিলিভ এপ্‌তো লাইভষ্ট্ৰীমত উপভোগ কৰিব।

ইউঈএফএ ইউৰো ২০২০ এ লগতে উভতাই আনিব সকলোৰে প্ৰিয় লাইভ ষ্টুডিও অনুষ্ঠান “ফুটবল এক্সট্ৰা”, যাৰ আঁত ধৰিব অতি চিনাকি মুখ, মানস সিং আৰু অৰ্পিত শৰ্মা ই। প্ৰাক্তন আন্তৰ্জাতিক ফুটবলাৰ যেনে লুইচ সাহা, লুই গাৰ্চিয়া, ডন হাট্‌চ্ছিচন, ডেভিড জেমচ, টেৰি ফেলান, মাৰ্ক চিগ্ৰেভচ, এস্‌লে ৱেষ্টৱূড, জ’ফ্ৰি মেটেউ ৰ লগতে কিছু শ্ৰেষ্ঠ ভাৰতীয় প্ৰতিভা যিয়ে ফুটবল খেলপথাৰত সৌষ্ঠৱ বৃদ্ধি কৰিছে যেনে ভাৰতীয় কিংবদন্তি বাইচুং ভূটীয়া আৰু বৰ্তমানৰ ছুপাৰষ্টাৰ ভাৰতীয় অধিনায়ক সুনীল চেট্ৰী, গুৰপ্ৰিত সিং সান্ধু, সন্দেচ জিংঘান, ৰবিন সিং আৰু ডালমিয়া ছিব্বাৰ আদি বিশিষ্ট পেনেলিষ্টসকলে আগবঢ়াব “এক্সট্ৰা” মন্তব্য, অন্তৰ্দৃষ্টি আৰু বিশ্লেষণ। দৰ্শকসকলক ঘৰতে বহি কিছু ‘এক্সট্ৰা’ আগবঢ়োৱাৰ উদ্দেশ্যে, এসপিএসএন ত লগতে থাকিব এণ্ডি মিটেন, এড্ৰিয়ানো ডেল ম’ণ্টে আৰু এইসা মেগান এক্টন, যিসকলে খেল অনুষ্ঠিত ক্ৰীড়াংগন ৰ পৰা লাইভ ৰিপোৰ্ট কৰিব আৰু দৰ্শকসকলক খেলৰ আৰু ওচৰ চপাই আনিব। 

এই টুৰ্ণামেণ্ট বিভিন্ন ভাষাত সম্প্ৰচাৰিত হ’ব, যি সমগ্ৰ ভাৰতৰ দৰ্শকৰ বাবে উপভোগ্য হ’ব আৰু দেশৰ বিশিষ্ট ফুটবল কমেণ্টেটৰসকলে ইয়াত আঁত ধৰিব। কমেণ্টেটৰ পেনেলৰ অংশ হিচাপে হিন্দী ভাষাত আঁত ধৰিব মনীষ বাটাভিয়া, অতিষ ঠুকৰাল, ৰমন ভনোট আৰু সুনীল টনেজাই আৰু বঙালী ভাষাত আঁত ধৰিব প্ৰদীপ ৰয়, পল্ল্ব বাসু মল্লিক, দেৱজিৎ ঘোষ আৰু কৌশিক বৰুণ। তামিল ভাষাত আঁত ধৰিব প্ৰদীপ কৃষ্ণা এম, সুধীৰ শ্ৰীনিবাসন, অভিষেক ৰাজা আৰু নাল্লাপ্পান মোহনৰাজ এ আৰু তেলেগু ভাষাত আঁত ধৰিব সন্দীপ কুমাৰ বি, সুধীৰ মহাৱডী, জোসেফ এণ্টনী আৰু নোৰ্মান স্বৰূপ আইচাক এ। অনুৰাগীসকলৰ বাবে মালায়ালম ভাষাত কমেণ্টৰী আগবঢ়াব সাইজু দামোৰণন, জোপাউল আনচেৰী, এল্‌ধো পল পুথুচেৰী আৰু বিনেস কিৰণে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here