ৰাইজৰ সহায়ৰ হাতৰ আহ্বান
W7s News, ষ্টাফৰিপোৰ্টাৰ : ক'ভিড মহামাৰীৰ জটিল পৰিস্থিতিৰ মাজতে দক্ষিণ কামৰূপৰ ২নং জীয়াকুৰ গাৱঁৰ এটি পৰিয়াললৈ নামি আহিল অমানিশা । ২ নং জীয়াকুৰ গাৱঁৰ সমাজকৰ্মী খৰ্গেশ্বৰ কলিতা (মনোজ) ৰ একমাত্ৰ ল'ৰা নিৰূপম কলিতাৰ দুয়োটা বৃক্ক বিকল হৈছে । মাক বীনাপানি কলিতাই নিজৰে এটা বৃক্ক ল'ৰা নিৰুপম কলিতাক দিব বুলি জানিব পাৰিছো । সম্প্ৰতি তেওঁলোকৰ বিক্ৰী কৰিবলৈ কোনো ধৰণৰ স্থাবৰ-আস্থাবৰ
সম্পত্তি নথকা পৰিয়ালটোৰ একমাত্ৰ ল'ৰা নিৰূপম কলিতাক উন্নত চিকিৎসা কৰাৰ বাবে কেইবা লাখ টকাৰ প্ৰয়োজন হৈছে । গতিকে সদাশয় দয়ালু ব্যক্তি বা দল সংগঠনে ভুক্তভোগী পৰিয়ালটোৰ একমাত্ৰ ল'ৰা তথা মেধাবী ছাত্র নিৰুপম কলিতাক উন্নত চিকিৎসাৰে প্ৰাণ ৰক্ষা কৰাৰ বাবে পৰিয়ালটোৱে দান বৰঙণি দিবলৈ কাতৰ আহ্বান জনাইছে।কোনো হৃদয়বান লোকে সাহাৰ্য্য - বৰঙণি দিব বিচাৰিলে ৯৩৬৫৪৮৫৮২০ নম্বৰ ফোনত ৰুগ্ন নিৰুপমৰ পিতৃৰ সৈতে যোগাযোগ কৰিব পাৰিব । তদুপৰি এই জৰুৰীকালীন সময়ত সদাশয় ব্যক্তিৰ সুবিধাৰ্থে পৰিয়ালটোৰ বেংকৰ একাউণ্টও দিয়া হৈছে - এছ বি আই একাউন্ট নম্বৰ :
৩১৩৩৩৭৬৮৬৪৪ আৰু আই এফ এছ চি নম্বৰ-এছ বি আই এন ooo৫২৪২
মিৰ্জা, বিনাপানী কলিতা
(SBI A/C No.
31333768644
IFSC-SBIN0005242
MIRZA
BINA PANI KALITA) ৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে।
No comments:
Post a Comment