ৰাজ্যজুৰি কলাগুৰুক স্মৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 20 June 2021

ৰাজ্যজুৰি কলাগুৰুক স্মৰণ

 





#52th death anniversary#kalaguru bishnu prasad rava


W7s News ষ্টাফৰিপোৰ্টাৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু তিথি দেওবাৰে ৰাজ্যজুৰি ক'ভিড বিধি মানি পালন কৰা হয়। কলাগুৰুৰ মৃত্যু তিথি উপলক্ষে গীত মাত, কবিতা, নৃত্যৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্রদ্ধা নিবেদন কৰে। ৰাজ্যত ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বহু সংখ্যক অনুষ্ঠানে তথা ব্যক্তিগতভাবে বহুসংখ্যক লোকে সামাজিক মাধ্যমৰ জৰিয়তে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়।  পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ  মাটাইখাৰ আঞ্চলিক বিষ্ণুজ্যোতি পুথিভঁৰাল চৌহদত  ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে  বিগত বৰ্ষৰ দৰে এইবেলিও  দেওবাৰে  সীমিত পৰিসৰত  কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয় । পুৱা  পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পুথিভঁৰালৰ প্ৰতিষ্ঠাপক সম্পাদক পৰেশ ৰাভাই ।এই উপলক্ষে পুথিভঁৰালৰ সভাপতি মিথুন চন্দ্ৰ ৰাভাই আঁত ধৰা চমু অনুষ্ঠানত ৰংমন ট্যুৰিজিমৰ সভাপতি ধ্ৰুৱজ্যোতি দলৈ , পুথিভঁৰালৰ কৰ্মকর্তা শশীকান্ত ৰাভা , ৰাজীৱ ৰাভা , মৈলেশ দলৈকে ধৰি কেইবাজনেও কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে ।  অনুষ্ঠানত ধ্ৰুৱজ্যোতি দলৈয়ে গীটাৰত কলাগুৰুৰ তিনিটা কালজয়ী  গীত সংগত কৰি উপস্থিত সকলোকে আপ্লুত কৰে । আনহাতে ধুবুৰী ভোলানাথ মহাবিদ্যালয় অসমীয়া বিভাগৰ উদ্যোগত , ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত  দিনৰ ১১ বজাৰ পৰা গুগল মিটৰ জৰিয়তে গীত -কথা- কবিতাৰে  কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা  দিৱস উদযাপন কৰা হয় |

সভাৰ আৰম্ভণিতে ধুবুৰী লক্ষীগঞ্জ নিবাসী শিল্পী আৰ্জিফা বেগম আৰু আছমিনা বেগমে চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিবেশন কৰে | সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক আজাদ আলী আহমেদে |সভাখন উদ্বোধন কৰি ভোলানাথমহাবিদ্যালয়ৰ  অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীয়ে মহান শিল্পীগৰাকীৰ স্মৃতিচাৰণ কৰাৰ লগতে এনেহেন অনুষ্ঠান এটাৰ আয়োজন কৰাৰ বাবে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ লগতে ধুবুৰী জিলা সাহিত্য সভাক ভূঁয়সী প্ৰশংসা কৰে | ড.উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড.সুস্মিতা সেনগুপ্তাই। |ইয়াৰ পিছতে শিশু শিল্পী ময়ূৰী শৰ্মা ,আৰু প্ৰসেন্দ্ৰজিত শৰ্মাই পৰিবেশন কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতেৰে মহান শিল্পীগৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠান আৰম্ভ হয় |অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি তিনিচুকীয়াৰ পৰা অসম সাহিত্য সভাৰ বিষয়ববীয়া ,সাহিত্যিক ডা.গিৰীশ সন্দিকৈয়ে বিষ্ণুৰাভাৰ ৰাজনৈতিক জীৱনৰ ওপৰত ৰেখাপাত কৰি কিছু নজনা কথাৰ আভাস দিয়ে |নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে বৰডুমচাৰ বিশিষ্ট কবি -সাহিত্যিক মোহন মৰাণে |বক্তাগৰাকীয়ে ভাষণ প্ৰসংগত ৰাভাদেৱৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে বৰডুমচা অঞ্চলত ৰাভাৰ আত্মগোপনৰ দিনৰ কথা ,ধুবুৰীত ৰাভাৰ বন্দীত্ব জীৱন আদি বহু কথাই দাঙি ধৰে |ধুবুৰীৰ বৰ্ষীয়ান ব্যক্তি বিশিষ্ট সাহিত্যিক অধ্যাপক ধুবুৰী জনকৃষ্টি সমাজৰ সভাপতি দেবেন্দ্ৰ নাথ শৰ্মাই কিছু উপদেশমূলক বক্তব্য প্ৰদান কৰে |অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত কবিতা আবৃত্তি কৰে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী ক্ৰমে -আব্দুল হানিফ খান ,ৰাইহানা ইছলাম, মাহমুদা আকণ্ড ,ফাৰজিনা নুৰজাহান,ৰিয়া মণ্ডল আৰু নলবাৰীৰ পৰা শিশু কবি আৰাধ্যা মৃন্ময় শৰ্মাই |অনুষ্ঠানত স্বৰচিত কবিতা পাঠেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে মাজুলীৰ পৰা শংকু সিদ্ধ নাথে |বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিবেশনেৰে মহান ৰূপকাৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে অৰুণাচলৰ পৰা শিল্পী দীপামণি বসুমতাৰী ,প্ৰিয়াসী মৰাণ ,গৌৰীপুৰৰ পৰা শিল্পী কমল শৰ্মা ,মালবিকা ডিহিদাৰ ,বিলাসীপাৰাৰ পৰা শিল্পী ভোলানাথ ৰায় , শিশুশিল্পী -ময়ূৰী শৰ্মা , প্ৰসেন্দ্ৰজিত শৰ্মা,ভূপালি ডিহিদাৰ, হৃদয়জিত শৰ্মা আদিয়ে |ৰাভাদেৱৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ভোলানাথ মহাবিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক ড.ব্ৰজেন্দ্ৰ কান্ত শৰ্মা,দৰ্শন বিভাগৰ অধ্যাপিকা ,নৱনীতা দেৱী, অসমীয়া বিভাগৰ অধ্যাপিকা ড.অলকা শৰ্মা,জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ কাৰ্যকৰী সভাপতি,মিহিৰ দাস ,কাৰ্যনিৰ্বাহক সদস্য , মোছলেমোদ্দিন আহমেদ , মুখপাত্ৰ তিলক প্ৰসাদ আদিয়ে |ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা জুঁই দাসে ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰচিত -বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতা আবৃত্তিৰে শিল্পীগৰাকীৰ সোঁৱৰণ কৰে |জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়ে সভাপতিৰ বক্তব্য আৰু মন্তব্য প্ৰদান কৰে |ভোলানাথ মহাবিদ্যালয়ৰ তৰফৰ পৰা সহকাৰী অধ্যাপিকা ড.পলী বেজবৰুৱাই আৰু জিলা সাহিত্য সভাৰ তৰফৰ পৰা সম্পাদক আজাদ আলী আহমেদে শলাগৰ শৰাই নিবেদন কৰে |অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকা ,ছাত্ৰ-ছাত্ৰীৰ লগতে,ধুবুৰী,তিনিচুকীয়া ,

বৰডুমচা ,মাজুলী ,অৰুণাচল প্ৰদেশ আৰু অসমৰ অন্যান্য অঞ্চলৰ প্ৰায় দুই শতাধিক লোকে অংশ গ্ৰহণ কৰে |জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণি পৰে |

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ক'ভিড বিধি মানি পালন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ শ্বহীদ ভৱনত 

কেন্দ্রীয় ভাবে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস অনুষ্ঠিত কৰে । দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত ৰাভা দিৱসত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্রতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বিশিষ্ট কবি, আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তীয়ে । সদৌ গুৱাহাটী ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক নয়নজ্যোতি নাথে আঁত ধৰা অনুষ্ঠান টোত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰাইফউদ্দিন আহমেদ , সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন , ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথৰ লগতে সদৌ গুৱাহাটী ছাত্র সন্থাৰ বিষয়ববীয়া সকল আৰু শাখা - উপশাখা , মহাবিদ্যালয় সমূহৰ আছু গোটৰ বিষয় প্ৰতিনিধি সকলে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথে এই সম্পৰ্কে কয়  --"এনে এক সন্ধিক্ষণৰ সময়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা আমি শ্ৰদ্ধাৰে স্মৰণ কৰা উচিত । এই গৰাকী মহান শিল্পীৰ সৃষ্টিৰাজি ৰাজ্য চৰকাৰে যথোপযুক্ত ভাবে সংৰক্ষণ কৰি অসমৰ নৱ প্ৰজন্ম তথা ছাত্র সমাজক সঠিক পথত আগবঢ়াই নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"উল্লেখ্য, সদৌ গুৱাহাটী ছাত্র সন্থাৰ অন্তৰ্গত বিভিন্ন শাখা - উপশাখা সমূহৰ লগতে মহাবিদ্যালয়ৰ আছু গোট সমূহে মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় আৰু নিজ - নিজ অঞ্চলৰ ৰাজহুৱা স্থান সমূহত ৰাভা দিৱস অনুষ্ঠিত কৰা হয় বুলি সন্থাৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক গৰাকীয়ে সদৰী কৰে ।



অনুষ্ঠানত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল উপস্থিত থাকি কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। ইফালে 

সদৌ অসম উন্নয়ন পৰিষদৰ  গুৱাহাটী মহানগৰ সমিতিয়ে বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি লখৰাস্হিত বেতকুছি হাইস্কুল প্ৰাংগনত ক'ৰণা মহামাৰীৰ সময়ত অাৰ্থিকভাৱে জুৰুলা বেতকুছি অঞ্চলৰ ৫০০ ৰো অধিক লোকৰ খাদ্যসামগ্ৰী প্ৰদান কৰে । লগতে অাৰ্থিকভাৱে জুৰুলা কিছু ছাত্ৰ-ছাত্ৰীৰ মাজত মোবাইল ফোন বিতৰন কৰে , যিসকলে মোবাইল ফোনৰ অভাৱত অনলাইনত ক্লাছ কৰিৱ পৰা নাছিল । পৰিষদৰ মহানগৰ সমিতিৰ সাধাৰন সম্পাদক নৱজ্যোতি গগৈয়ে উদ্দেশ্য  বাখ্যা কৰা অনুস্হানটোত   উপস্হিত থাকি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰে মহানগৰ সমিতিৰ মহান প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে । লগতে অাগন্তুক দিনতো ৰাইজৰ বিপদৰ সময়ত পৰিষদৰ সদস্যসকলক সেৱা অাগবঢ়াৱৰ বাবে অাহ্ৱান জনায় । অাজি ৰাভা দিৱসৰ পবিত্ৰ দিনটোতে ৰাইজক সহায় কৰিৱ পাই সূখী বুলি জনায় পৰিষদৰ সভাপতি জনে । বিষ্ণূপ্ৰসাদ ৰাভাই সদায়েই দূখীয়া ৰাইজৰ হৈ কাম কৰি গৈছিল বুলি ৰাভাৰ স্মৃতি ৰোমণ্ঠন কৰে পৰিষদৰ সভাপতিজনে । লগতে ৰাভাদেৱৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে । অাজিৰ কাৰ্য্যসূচীত কেন্দ্ৰীয় সম্পাদক জয়ন্ত গগৈ ,মহানগৰ সমিতিৰ সাধাৰন সম্পাদক নৱজ্যোতি গগৈ,সম্পাদক শুভম দাসৰ লগতে অন্যান্য বিষয়ববীয়া সকল,স্হানীয় বিশিষ্ট ব্যক্তিসকল উপস্হিত অাছিল । লগতে উদীয়মান কন্ঠশিল্পী মাধুৰী গগৈয়ে দুটিমান ৰাভা সংগীত প্ৰদৰ্শন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস।  অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস এইবাৰ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা হ'য় । সন্মিলনৰ দক্ষিণ গুৱাহাটী শাখাৰ উদ্যোগত জয়ানগৰ চাৰিআলিৰ জি জি পেলেচত

অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে। স্মৃতিতৰ্পন আৰু বন্তি প্ৰজ্জলন কৰে সন্মিলনৰ কাৰ্যকৰী সভাপতি দিলীপ চন্দ্ৰ বড়াই। তাৰপাছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰে সন্মিলনৰ দক্ষিণ গুৱাহাটী শাখাৰ সভাপতি অধৰ দাসে। তাৰপাছত অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হ'য় বুলি সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়ে জানিবলৈ দিয়ে। কলাগুৰুক স্মৰণ কৰা হয়।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে দেওবাৰে বিশিষ্ট শিল্পী

পুৰুষোত্তম_দাসৰ

২৭ সংখ্যক মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

১৯৯৪ চনৰ ২০ জুনত অসমৰ এইজন প্ৰসিদ্ধ শিল্পীয়ে মৃত্যু বৰণ কৰে ।১৯১৮ চনত বৰপেটাৰ দহাটী ত জন্ম গ্ৰহণ কৰা এইগৰাকী শিল্পীৰ স্মৃতি দিৱসোতো শিল্পীজনক শ্ৰদ্ধা জনোৱা হয়। অসমৰ বহুতো বিহু সন্মিলনৰ পতাকা উত্তোলন কাৰ্যসূচীত সমবেত সংগীত হিচাবে পৰিৱেশন কৰা "শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে

উছৱৰ মধু আলোড়ন"গীতটো যে এইগৰাকী শিল্পীৰ এক অনুপম সৃষ্টি। পুৰুষোত্তম দাসে  নিত্য নতুন নতুন সুন্দৰ সুন্দৰ গীত,সংগীত-নাটক ৰচি,সুৰেৰে সজাই  নতুন গায়ক-গায়িকাৰ হতুৱাই গোৱাই অসমীয়া অনুষ্ঠান টো সুন্দৰকৈ পৰিচালনা কৰাত সফল হৈছিল।   নতুন প্ৰতিভা ৰাণী পালৰ হতুৱাই গোৱাইছিল তেওঁৰ ৰচিত আৰু সুৰাৰোপিত গীত "জোনবাইৰ দেশতে সাজিম ঘৰ এখনি..তৰায়ে জ্বলাব চাকি", 'কাৰেঙৰ পদুলি বকুলৰ ডালত পৰি বিনায় বাৰে পখী" ইত্যাদি । ১৯৪৬ চনত ৰাণী পালক গাড়ীত বহুৱাই অনুষ্ঠান পৰিচালনা কৰিবলৈ যাওঁতে সেই সময়ত  কলিকতাত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজত পৰি কথমপি হে প্ৰাণ ৰক্ষা হৈছিল। ১৯৪৮

চনত শ্বিলং-গুৱাহাটী কেন্দ্ৰ স্হাপন হোৱাত  পুৰুষোত্তম দাস আৰু আন এগৰাকী বৰেণ্য শিল্পী বীৰেন্দ্ৰ নাথ ফুকন ক এই কেন্দ্ৰৰ দায়িত্ব দিয়া হয়।এই কেন্দ্ৰও নিজৰ প্ৰতিভা আৰু দক্ষতাৰে সুন্দৰ ভাবে পৰিচালনা কৰিবলৈ সমৰ্থ হৈছিল। জ্যোতিপ্ৰসাদ,বিষ্ণু ৰাভা,ভূপেন হাজৰিকা,দিলীপ শৰ্মা,সুদক্ষিণা শৰ্মা আদি অনেক নামী-অনামী শিল্পীৰ গীত-মাত প্ৰচাৰ আৰু গ্ৰামোফোন ৰেকৰ্ডত তেখেতে মূখ্য  ভূমিকা লৈছিল।

পুৰুষোত্তম দাসৰ আটাইতকৈ ডাঙৰ অৰিহণা আছিল অসম ৰ চুকে-কোণে সিঁচৰতি হৈ অনাদৃত,অৱহেলিত হৈ ৰোৱা  লোক-সংগীত বুটলি আনি তাক সজাই-পৰাই নতুন ৰূপত  প্ৰচাৰৰ ব্যৱস্থা কৰা।গোৱালপৰীয়া লোকগীত আৰু প্ৰতিমা পাণ্ডেৰ দৰে এগৰাকী তেতিয়াৰ এগৰাকী অখ্যাত শিল্পীক অনাতাঁৰৰ যোগেদি ৰাইজৰ মাজত জনপ্ৰিয় কৰাত পুৰুষোত্তম দাসৰ ভূমিকা আছিল অনবদ্য।লক্ষ্যধৰ চৌধুৰী ৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত বোলছবি "নিমিলা অংক"(১৯৫৫)ৰ সংগীত পৰিচালনা কৰিছিল পুৰুষোত্তম দাসে।শ্ৰোতাই মৰমেৰে আদৰি লোৱা এইখন বোলছবিৰ  গোটেই কেইটা গীতৰ কথা আৰু সুৰ,সংগীত  আছিল পুৰুষোত্তম দাসৰ।ভূপেন হাজৰিকাৰ লগত "গন্ধৰ্ব'" ছদ্মনাম লৈ যুটীয়া ভাবে সঙ্গীত পৰিচালনা কৰিছিল "পাৰ ঘাট" বোলছবি ত।বদন বৰফুকন বোলছবি ৰ সংগীত পৰিচালনা কৰিছিল গৌড় গোস্বামী ৰ সতে যুটীয়া ভাৱে।পুৰুষোত্তম দাসৰ প্ৰকাশিত সাহিত্য কৰ্ম আছিল এনে ধৰণৰ-

গীত ৰ পুথি-ত্ৰিবেণী,শ্রীময়ী, সুৰ বাণী,পোৱা নাই পৰসাদ,

গল্প পুথি-এৰাতিৰ ইতিহাস

প্ৰবন্ধ সংকলন-বহু মানুহ বহু কথা।

ইয়াৰ বাহিৰেও   অসম সংগীত নাটক একাডেমী ৰ দ্বাৰা গঠিত বৰগীত গৱেষণা সমিতিৰ সদস্য হিচাপে তেওঁ "স্বৰ ৰেখাত বৰগীত" শীৰ্ষক গ্রন্থ প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আনহাতে দেওবাৰে আন্তৰ্জাতিক খ্যাতি সম্পন্ন কবি, গীতিকাৰ,সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নিৰ্মল প্ৰভা বৰদলৈৰ ওপজা দিন প্ৰেৰণা দিৱস হিচাপে পালন কৰা হয়।  এই উপলক্ষে কামৰূপ জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত ১৬ টা শাখাই ১৫ জুনৰ পৰা ১৯ জুনলৈ প্ৰেৰণা দিৱসৰ অংশ হিচাপে ড০ নিৰ্মল প্ৰভা বৰদলৈৰ ৰচিত গীত আৰু কবিতাৰ আবৃত্তিৰে মনোমহা অনুষ্ঠান ৰূপায়ন কৰে। ডিজিটেল মাধ্যমত অনুষ্ঠিত এই অনুষ্ঠানত ড০ নিৰ্মল প্ৰভা বৰদলৈৰ কন্যা ড০ স্বপ্না দেৱী ভট্টাচাৰ্যই সমাৰোহ সমিতিৰ এই পদক্ষেপকৰ শলাগ লয় । অনুষ্ঠানত জিলা সভাপতি নন্দিতা চলিহা, জ্যেষ্ঠ সদস্য দৰ্শনা বৰা নেওগ, ড০ মঞ্জু দেৱী পেগুৱে ড০ নিৰ্মল প্ৰভা বৰদলৈৰ গীত আৰু কবিতা সম্পৰ্কে আলোচনা আগবঢ়ায়। ড০ মনোৰমা শৰ্মাৰ কবিতা আবৃত্তি আৰু জিলাৰ কাৰ্যকৰী সভাপতি কমলা উজিৰৰ ধন্যবাদ জ্ঞাপনৰ পাছত জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে। সভাখন আঁত ধৰে কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদক ড০ সোণালী বৰা হাজৰিকাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here