ভৰুলু ৰক্ষা কৰক' শীৰ্ষক সজাগতা কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 20 June 2021

ভৰুলু ৰক্ষা কৰক' শীৰ্ষক সজাগতা কাৰ্যসূচী

 #awarness programme#tilinga sports club




W7s News,ষ্টাফৰিপোৰ্টাৰ : টিলিঙা স্পোৰ্টছ ক্লাৱৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰে এক 

'ভৰুলু ৰক্ষা কৰক' শীৰ্ষক এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীৰ আৰম্ভণি গুৱাহাটীৰ ছয়মাইলৰ পৰা কৰা হয় আৰু দ্বীপৰ বিলত সামৰণি পৰে। এই  কাৰ্যসূচী ক্লাৱৰ সভাপতি মুক্তা গোহাঁই, যুটীয়া সম্পাদক নীতম সিং, ৰূপম শইকীয়া আদিয়ে ক'ভিড বিধি মানি পালন কৰে। ক্লাৱৰ সদস্য সকলে প্ৰতিষ্ঠা দিৱস উপলক্ষে চাইকেল চলাই দ্বীপৰ বিললৈ যোৱাৰ লগতে হাতে হাতে 'ভৰুলু ৰক্ষা কৰক' শীৰ্ষক শ্লোগান থকা পোষ্টাৰ লৈ ভৰুলু নদী প্ৰদূষণ মুক্ত কৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়। লগতে সজাগতা সৃষ্টিৰ প্ৰায়স কৰে। উল্লেখ্য, সমাজৰ সমাজ সচেতন ব্যক্তিক লৈ গঠিত ক্লাবে চাইকেল চলোৱা, দৌৰা আদি কাৰ্যসূচীৰ  জৰিয়তে স্বাস্থ্য সজাগতাৰ বার্তা দি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here