মুক্তিনাথ গোৱালাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত মুকলি প্ৰবন্ধ প্ৰতিযোগিতা - W7S News

Breaking News

demo-image

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 21 June 2021

demo-image

মুক্তিনাথ গোৱালাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত মুকলি প্ৰবন্ধ প্ৰতিযোগিতা

Responsive Ads Here

 

IMG-20210621-WA0019


প্ৰৱন্ধ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ এক লাখ টকা




W7s, News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ গন্ধিবস্তিস্থিত সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত 

কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ  সাধাৰণ সম্পাদক

মুকুট ডেকাই কয় 'চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক জাতীয় ছহিদ মুক্তিনাথ গোৱালাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ স্মৃতিত সদৌ অসম ভিত্তিত এক মুকলি প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 'অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম ৰাজ্যৰূপে প্ৰতিষ্ঠাৰ সপোন' শীৰ্ষক প্ৰবন্ধ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৫০ হাজাৰ টকা দিয়াৰ লগতে প্ৰথম আৰু দ্বিতীয় বিজেতালৈ ৫ হাজাৰ টকাৰ কিতাপৰ টোপোলা প্ৰদান কৰা হ'ব। 

তদুপৰি যোগ্য বিবেচিত হোৱা সকলৰ প্ৰবন্ধসমূহক লৈ এখন গ্ৰন্থ ছপা কৰা হ'ব। পুৰস্কাৰৰ ধনৰাশি কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ উদ্যান সমবায় সমবায় লিমিটেডে আগবঢ়াব। প্ৰবন্ধসমুহ অসমীয়া, ইংৰাজী আৰু বাংলা যিকোনো এটা ভাষাত লিখিব পাৰিব। প্ৰবন্ধৰ বাবে শব্দৰ সংখ্যাৰ আৰু প্ৰবন্ধকাৰৰ বয়সৰ ধৰাবন্ধা সীমাবদ্ধতা নাই। প্ৰবন্ধসমূহ ডিটিপি কৰি ৩০ জুলাইৰ ভিতৰত kmssassam05@gmail.com  প্ৰেৰণ কৰিব লাগিব। এই প্ৰতিযোগিতা চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সহযোগত অনুষ্ঠিত হ'ব।' সংবাদমেলত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত  সম্পাদকদ্বয় দীপক ৰোহি দাস আৰু মোবাৰক আলীয়ে কয় ' স্বাধীনতাৰ ৭০ বছৰ পাছতো চাহ জনগোষ্ঠীৰ লোকসকল সদায় শাসকীয় পক্ষৰ পৰা চৰম প্ৰতাৰণা আৰু শোষণৰ বলি হৈ আহিবলগীয়া হৈছে। চাহ শ্ৰমিক সকলৰ মূল দাবী দৈনিক ৩৫০  টকাৰ মজুৰিৰ  বিষয়টো আজিলৈ গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। লগতে চাহ শ্ৰমিক সকলৰ ভূমি পাট্টা বিষয়টোৱে আজিলৈ গুৰুত্ব নাপালে। সেয়ে এই দাবী পূৰণৰ বাবে আমি পুনৰবাৰ আহ্বান জনাইছোঁ। সাংবামেলত ছাত্ৰ মুক্তিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল কলিতা আদি উপস্থিত থাকে। সংবাদমেলৰ পূৰ্বে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক জাতীয় ছহিদ মুক্তিনাথ গোৱালাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সমিতিৰ গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক আকাশ দলে, সভাপতি কংকন ঠাকুৰীয়া, পৃথিৰাজ দলে, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মানস কোৱৰ , নাৰী মুক্তি সংগ্ৰাম সমিতিৰ মিনু শইকীয়া আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *