#new#sop#assam#covid-19
W7s, News, নিউজ ডেস্ক :
আগন্তক ২২ জুনলৈ জাৰি হ’ল নতুন এছ অ' পি মঙলবাৰে ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। সেই অনুসৰি গুৱাহাটীত কাৰ্ফিউ ১ বজাৰ সলনি ২ বজাৰ পৰা। দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত কাৰ্ফিউৰ সময় বিয়লি ৫ বজাৰ পৰা।
দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত দিনৰ ৪ বজালৈ খোলা থাকিব
দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধাবা, ৰেষ্টুৰেণ্ট। দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ : এইকেইখন জিলাৰ বাহিৰে বাকী জিলাসমহূত ১২ বজাতে বন্ধ হ’ব দোকান-পোহাৰৰ লগতে কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান। ২১ জুনলৈ নিয়ন্ত্ৰণ নহ’লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব নিয়ম। দুটা ড’জ ভেকচিন লোৱা সকলো আহিব লাগিব কাৰ্যালয়লৈ। গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম।সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব।
ধৰ্মীয় অনুষ্ঠান, বিবাহ, সৎকাৰত ১০।জনেহে ভাগ ল’ব পাৰিব। ২২ জুনলৈকে আন্তঃজিলা যাতায়াত বন্ধ থাকিব।
No comments:
Post a Comment