বিজেপি নেতা শংকৰ চন্দ্ৰ দাসৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 16 June 2021

বিজেপি নেতা শংকৰ চন্দ্ৰ দাসৰ মৃত্যু

 




#sankar das#bjp#covid-19


W7s , News ষ্টাফৰিপোৰ্টাৰ : বিজেপি নেতা শংকৰ চন্দ্ৰ দাসৰ বুধবাৰে চিকিৎসাধীন অৱস্থাত  গুৱাহাটীৰ খানাপাৰাস্থ হেলথ্‌ চিটি হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। বুধবাৰে বিয়লি ৪.১৩ বজাত শেষ নিশ্বাস ত্যাগ কৰা শংকৰ চন্দ্ৰ দাসে ।ক'ভিডোত্তৰ জটিলতাত আক্ৰান্ত হৈ চলিত বছৰৰ ২৮ মে'ত হেলথ্‌ চিটি হাস্পতালত ভৰ্তি হয়। শ্বাস-প্ৰশ্বাসৰ গুৰুতৰ সমস্যাত ভোগা দাসক ভৰ্তিৰ পিছতে ভেণ্টিলেটৰ চিকিৎসা প্ৰদান কৰিবলগীয়া হয়। তেওঁ উচ্চ ৰক্তচাপতো  ভুগিছিল। হেলথ্‌ চিটিত ভৰ্তি হোৱাৰ পূৰ্বে কোভিড আক্ৰান্ত হৈ তেওঁ  ১৭ মে'ত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হয়। পিছলৈ ক'ভিডমুক্ত হয় যদিও গুৰুতৰ শ্বাস কষ্টত ভুগিছিল। এই তথ্য সদৰী কৰিছে হেলথ্‌ চিটি হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই। উল্লেখ্য, প্ৰয়াত শংকৰ চন্দ্ৰ দাসে কিছুদিন পূৰ্বে অনুষ্ঠিত অসম বিধান সভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে সৰভোগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here