গণশিল্পী খগেন মহন্তৰ সপ্তম মৃত্যুবার্ষিকীত ৰাজ্যজুৰি স্মৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 12 June 2021

গণশিল্পী খগেন মহন্তৰ সপ্তম মৃত্যুবার্ষিকীত ৰাজ্যজুৰি স্মৰণ

 



 

কলাক্ষেত্ৰ সমাজৰ শ্ৰদ্ধাঞ্জলি



W7s, news নিউজ ডেস্ক: 

গণশিল্পী খগেন মহন্তৰ সপ্তম মৃত্যুবার্ষিকীত ৰাজ্যজুৰি গণশিল্পীজনক স্মৰণ কৰা হয়। ক'ভিড বিধি মানি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণশিল্পীজনক স্মৰণ কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে কলাক্ষেত্ৰস্থিত গণশিল্পী খগেন মহন্ত উদ্যান প্ৰাংগণত ক'ভিড বিধি মানি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। বিগত প্ৰায় পাঁচটা দশক ধৰি অমিয়া কণ্ঠেৰে অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰা গণশিল্পী খগেন মহন্তৰ মৃত্যুবার্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কলাক্ষেত্ৰ সমাজৰ ভাৰপ্ৰাপ্ত উপ-সভাপতি মাধুৰিমা বৰুৱা সেন, সচিব সুদৰ্শন ঠাকুৰীয়া, গণশিল্পী খগেন মহন্তৰ পুত্ৰ, কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু তেওঁৰ পত্নী শ্বেতা মিশ্ৰ মহন্তৰ লগতে কলাক্ষেত্ৰ সমাজৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। অংগৰাগ (পাপন) মহন্তই পিতৃৰ প্ৰতি শ্রদ্ধা নিবেদন কৰি কয় 'পিতৃৰ স্মৃতি সমূহ জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। সত্ৰীয়া সংস্কৃতি আৰু লোক সংগীতৰ বিভিন্ন কাম হাতত লৈছোঁ। তেওঁৰ গীত-মাত সমূহ নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ প্ৰয়াস কৰিম। শিল্পীয়ে এখনক গঢ় দিয়ে, শান্তি সমন্বয় অটুট ৰাখিবলৈ প্ৰয়াস কৰে। অসমৰ তেনে শিল্পীক মনত ৰখাটো অসমৰ দায়িত্ব।

যিয়ে শিল্পীক সোৱাৰে, আদৰে সেইখন সমাজ উন্নত হয়। সেই ক্ষেত্ৰত আমাৰ সমাজখন উন্নত। 

আনহাতে গণশিল্পী খগেন মহন্তৰ মৃত্যুবাৰ্ষিকীত শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয়'

প্ৰায় পাঁচটা দশক ধৰি অমিয়া কণ্ঠেৰে অসমৰ লোক সংগীতৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি যোৱা শিল্পীগৰাকীৰ চিৰযুগমীয়া গীতসমূহে যুগে যুগে উদ্বুদ্ধ কৰি যাব প্ৰতিগৰাকী অসমীয়াক।' উল্লেখ্য, ২০১৪ চনৰ ১২ জুনত ৭২ বছৰ বয়সত মৃত্যু হৈছিল গণশিল্পী খগেন মহন্তৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here