ব্ৰিটিছ কাউন্সিলৰ ডিজিটেল ক’ৰ্ছ আৰু ৱৰ্কশ্বপৰ জৰিয়তে গঢ়ি তোলক আপোনাৰ শিশুৰ ভৱিষ্যৎ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 11 June 2021

ব্ৰিটিছ কাউন্সিলৰ ডিজিটেল ক’ৰ্ছ আৰু ৱৰ্কশ্বপৰ জৰিয়তে গঢ়ি তোলক আপোনাৰ শিশুৰ ভৱিষ্যৎ

 


- ২১ শতিকাৰ উপযোগী দক্ষতা অৰ্জন কৰিবলৈ অসমত থকা পঢ়ুৱৈসকলে কম দিনীয়াৰ পৰা  এবছৰীয়ালৈকে যি কোনো ক’ৰ্ছ বাছি ল’ব পাৰে

- শিশুসকলে যাতে পঢ়াৰ অভ্যাস গঢ়ি তুলি, কথা কোৱাৰ আৰু লিখাৰ দক্ষতা গঢ়ি তুলি, আৰু অনলাইনৰ পৰা বিশ্ব মানৰ সমল গ্ৰহণ কৰি ইংৰাজীত দক্ষতাক উন্নত কৰিব পাৰে, তাৰ বাবে আছে বিশেষজ্ঞসকলে তৈয়াৰ কৰা পাঠ্যক্ৰম



W7s, News ষ্টাফৰিপোৰ্টাৰ: এই গ্ৰীষ্মত, অসমত থকা পঢ়ুৱৈসকলে ২১শতিকাৰ উপযোগী মূল দক্ষতাসমূহক গঢ়ি তুলিব পাৰিব, আৰু ইংৰাজীত দক্ষতাক অধিক উন্নত কৰিব পাৰিব বিশ্বৰ ইংৰাজী বিশেষজ্ঞ ব্ৰিটিছ কাউন্সিলৰ অনলাইন পাঠ্যক্ৰমৰ যোগেদি। ব্ৰিটিছ কাউন্সিলৰ বিশেষজ্ঞসকলে ইংৰাজী ভাষা শিক্ষাৰ যি সমল তৈয়াৰ কৰিছে, তাৰ সাহায্যত কথন, শ্ৰবণ, পঠন আৰু লিখন দক্ষতা অৰ্জন কৰি সামগ্ৰিকভাৱে নিজৰ দক্ষতাক উন্নত কৰিব পৰা যাব। পঢ়ুৱৈ, পেছাদাৰী মানুহ আৰু উদ্যমী শিকাৰুসকলে সমগ্ৰ পৃথিৱী তথা বিভিন্ন ধৰণৰ বিষয়ত যাতে অধিক সজাগ হৈ উঠিব পাৰে, তাৰ বাবে তেওঁলোকে ব্ৰিটিছ কাউন্সিলৰ বিশ্ব মানৰ সমল ব্যৱহাৰ কৰিব পাৰিব, যিবোৰ সমল বহুতেই ব্যৱহাৰ কৰিব বিচাৰে। বৰ্তমান মহামাৰীত যি অনিশ্চয়তাৰ সৃষ্টি হৈছে, তাৰ মাজতো পঢ়ুৱৈসকলে যাতে নিজৰ ঘৰতে বহি সুৰক্ষিত ভাৱে কোনো বাধা নোহোৱাকৈ সামগ্ৰিক ভাৱে যাতে নিজৰ শিক্ষা আৰু উন্নতিক অব্যাহত ৰাখিব পাৰে তাৰ বাবে ব্ৰিটিছ কাউন্সিলৰপৰা আগবঢ়োৱা হৈ আছে ডিজিটেল মাধ্যমত শিক্ষা গ্ৰহণৰ অভিজ্ঞতা। 

শিশু আৰু কিশোৰ-কিশোৰীসকলে যাতে আনৰ সৈতে আত্মবিশ্বাসৰ সৈতে মত বিনিময় কৰিব পাৰে, তাৰ বাবে আগবঢ়োৱা হৈছে ইয়াং লাৰ্ণাৰ্ছ অনলাইন ক’ৰ্ছ। ৫-ৰপৰা ১৭ বছৰ বয়সৰ শিশু তথা কিশোৰ-কিশোৰীসকলৰ বাবে তৈয়াৰ কৰা এই ক’ৰ্ছত গুৰুত্ব দিয়া হৈছে এই বিষয়ৰ উপৰত: পৃথিৱী সম্বন্ধীয় জ্ঞান বৃদ্ধি কৰা, ২১ শতিকাৰ উপযোগী দক্ষতা বিকাশ কৰা আৰু ইংৰাজী ভাষাত অধিক সাৱলীল কৰা। ১২ সপ্তাহৰপৰা ৪৮ সপ্তাহলৈ বিভিন্ন ধৰণৰ অনলাইন ক’ৰ্ছ আছে। এই ক’ৰ্ছসমূহক এনেকৈ তৈয়াৰ কৰা হৈছে, যাতে পঢ়ুৱৈসকলে জীৱনৰ বাবে আৱশ্যক দক্ষতাসমূহ গঢ়ি তুলিব পাৰে। এই দক্ষতাসমূহৰ ভিতৰত আছে: নেতৃত্ব প্ৰদানৰ ক্ষমতা, সকলৰ সৈতে একেলগ হৈ কাম কৰা, সৃজনশীলতা, বিশ্লেষণাত্মক চিন্তা আৰু সমস্যাৰ সমাধান কৰিব পৰা ক্ষমতা। ব্ৰিটিছ কাউন্সিলৰ শ্ৰেণীকোঠাত পঢ়ুৱৈসকলে যি অভিজ্ঞতা লাভ সেই একে অভিজ্ঞতা ভাৰ্চুয়েল ক্লাছৰ পঢ়ুৱৈসকলকো দিয়াৰ কাৰণে এই ক্লাছসমূহকো ইণ্টাৰেক্টিভ, প্ৰাণৱন্ত, আনন্দদায়ক আৰু চেলেঞ্জিং কৰি তোলা হৈছে। শিশুসকলে যাতে সুদৃঢ় আৰু স্বাধীন বিশ্ব নাগৰিক হৈ উঠিব পাৰে, তাৰ বাবে শিক্ষাবিদসকলৰ এটা দলে অত্যধিক যতন লৈ ক’ৰ্ছবিলাক তৈয়াৰ কৰিছে। 

যিসকল পিতৃ-মাতৃয়ে নিজৰ শিশুৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব বিচাৰে, তেওঁলোকে ব্ৰিটিছ কাউন্সিলৰ ‘ৰীডিং ফৰ লাইফ’ প্ৰ’গ্ৰামটো চাব পাৰে। ইয়াত ৭ৰপৰা ১২ বছৰ বয়সৰ শিশুসকলক মনৰ আনন্দৰ বাবে কিতাপ পঢ়াৰ অনুপ্ৰেৰণা দিয়া হয়। শিশুসকলে যাতে নিজৰ আত্মবিশ্বাস অৰ্জন কৰিব পাৰে, কথোপকথনৰ দক্ষতা বৃদ্ধি কৰিব পাৰে আৰু সৃজনশীল হৈ উঠিব পাৰে, সেইবোৰৰ বাবেও এই প্ৰ‘গ্ৰাম সহায়ক হয়। এই প্ৰ‘গ্ৰামৰ পৰৱৰ্তী বেচ্চ আৰম্ভ হ‘ব ১১ জুলাইৰপৰা। শিশুসকলৰ বাবে আছে পাঠ অভ্যাস গঢ়ি তোলাৰ এক ৰোমাঞ্চকৰ যাত্ৰা। তিনি সপ্তাহৰ এই প্ৰ‘গ্ৰামত শিশুসকলে নিজেই ঠিক কৰিব যে, সপ্তাহত এখনকৈ কিতাপ পঢ়ি শেষ কৰিবই কৰিব; আনন্দদায়ক আৰু দক্ষতা ভিত্তিক ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিব; কিতাপ পঢ়ি সমালোচনা লিখিব; সফলভাৱে এই প্ৰ’গ্ৰাম সমাপ্ত কৰাৰ পাছত চাৰ্টিফিকেট এটা পাব। শিশুসকলে বিভিন্ন ধৰণ ই-বুক আৰু ডিজিটেল অডিঅ’বুকৰপৰা নিজৰ পছন্দৰ কিতাপ বাছি ল’ব পাৰিব। বয়স অনুসৰি এই কিতাপবিলাক তৈয়াৰ কৰা হৈছে। লগতে শিশুসকলে যাতে নিজেই কিতাপ পঢ়াৰদৃঢ় মানসিকতা গঢ়ি তুলিব পাৰে, তাৰ উপৰতো গুৰুত্ব দিয়া হৈছে কিতাপবোৰ তৈয়াৰ কৰাৰ সময়ত। 

এই কিতাপবোৰৰ সাহায্যত শিশুসকলে ভাষা শিক্ষা সম্বন্ধীয় অধীত বিদ্যাক (যেনে- পঠন আৰু শ্ৰৱণ) মজবুত কৰিব পাৰিব। আনহাতে, বিশেষজ্ঞসকলে তৈয়াৰ কৰা ৱৰ্কশ্বপৰ সাহায্যত শিশুসকলে নিজৰ ফলিত বিদ্যাক (যেনে- লিখন আৰু কথন) উন্নত কৰিব পাৰিব। ব্ৰিটিছ কাউন্সিলে নিজৰ জনপ্ৰিয় গ্ৰন্থাগাৰ সদস্যপদক ডিজিটেল ৰূপ প্ৰদান কৰিছে। ইয়াৰ সাহায্যত ভাৰতৰ সকলো প্ৰান্তৰ শিকাৰুসকলে উচিত মূল্যৰ মাচুল দি শৈক্ষিক আৰু তথ্য ভিত্তিক সমলৰ বিপুল সম্ভাৰ ব্যৱহাৰ কৰিব পাৰিব। অনলাইন সদস্য পদ গ্ৰহণ কৰিলে পোৱা যাব ই-বুক, কমিক্স আৰু গ্ৰাফিক নভেল, ডিজিটেল অডিঅ’ বুক, আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেল, পুৰস্কাৰ জয়ী চিনেমা, মিউজিক কনচাৰ্ট আৰু শিশুসকলৰ বাবে শিক্ষণ সমল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here