হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ মহানুভতা- শিপ্লী অৰুণ দাসক পত্নীসহ বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 24 June 2021

হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ মহানুভতা- শিপ্লী অৰুণ দাসক পত্নীসহ বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা

 



W7s, News, ষ্টাফৰিপোৰ্টাৰ :'তুমি জানো জানা মোৰ সোন', "নালাগে মৰম নকৰিবা চলনা"  আদিৰ দৰে বহু জনপ্ৰিয় অসমীয়া গীতৰ শিল্পী অৰুণ দাস সম্প্ৰতি অসুস্থ। মে' মাহত  ক'ভিড আক্ৰান্তহৈ যদিও ক'ভিড মুক্ত কিন্তু বৰ্তমান তেওঁৰ দুর্বল আৰু দুই এটা বেমাৰত আক্রান্ত। বৃহস্পতিবাৰে গুৱাহাটীৰ আগশাৰীৰ চিকিৎসালয় হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। হাস্পতাল খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কিশোৰ তালুকদাৰৰ তত্বাৱধানত  সংগীত শিল্পী অৰুণ দাসৰ চিকিৎসা তথা কেইবাটাও পৰীক্ষা কৰোৱা হয়। "আমি শিল্পী সাংবাদিক আৰু অন্যান্য ৰাইজৰ বাবে সেৱা আগবঢ়াই শান্তি পাওঁ, শিপ্লী গৰাকী আমাৰ সন্মানৰ আৰু মৰমৰ, তেওঁ ক'ভিডত আক্ৰান্ত হৈ অলপ  অসুস্থ। আজি আমি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেইবাটাও পৰীক্ষা কৰোঁ।"- বুলি হাস্পতাল কৰ্তৃপক্ষই জনায়। হাস্পতাল খনৰ চি.এছ. আৰ কোষৰ পৰা শিল্পী জনক  স্বাস্থ্য পৰীক্ষা কৰি তেজ, গ্লুকোজ, পটেছিয়াম, চডিয়াম, এম আৰ আই, এল এফ টি, ই চি জি আদি বিনামূলীয়াকৈ পৰীক্ষা কৰোৱা হয়। উল্লেখ্য, শিল্পী গৰাকীৰ পত্নীৰো হাস্পতালৰ ফালৰ পৰা  এটা স্বাস্থ্য পৰীক্ষা কৰোৱা হয় লগতে ঔষধ প্ৰদান কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here