দ্বীপৰ বিলৰ বৈদ্যুতিকৰণৰ তীব্ৰ বিৰোধিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 25 June 2021

দ্বীপৰ বিলৰ বৈদ্যুতিকৰণৰ তীব্ৰ বিৰোধিতা

 


 মুকাভিনয়ৰ জৰিয়তে প্ৰতিবাদ


#save#deepor beel#mime#guwahati


W7s, News, দিপাঞ্জলি ডেকা :  দ্বীপৰ বিলৰ বৈদ্যুতিকৰণৰ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সমাজৰ একাংশ সমাজ সচেতন লোকে। শুকুৰবাৰে ডিজিটেলি মুকাভিনয়ৰ জৰিয়তে এই কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰা হয়।

এই সম্পৰ্কে যুৱ মুকাভিনেতা মিনাংক ডেকাই কয় ' 

 মুকাভিনয়ৰে এইধৰণৰ কাৰ্যৰ পুর্বেও

তীব্ৰ বিৰোধিতা কৰি আহিছোঁ। এতিয়া দ্বীপৰ বিলৰ বৈদ্যুতিকীকৰণৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।

এবছৰৰ পিছত বিদ্যুতপৃষ্ট হৈ ৰেলআলিত জাকে জাকে হাতী মৰিলে কোনেও বিষোদগাৰ কৰাৰ প্ৰয়োজন নাই। যাৰ যি ক'ব লগা আছে এতিয়াই ক'ব লাগে। প্ৰতিবাদ এতিয়াই হব লাগে-নিজ নিজ ধৰণেৰে হাতীৰ দণ্ডী (elephant corridor) ত ৰেলৰ আলি সাজি ইতিমধ্যে হাতীৰ সাতামপুৰুষীয়া আহ-যাহ বাটত ভেটা দি হাতীৰ মৰণ ফাণ্ড পতা হৈছে বহুবছৰ আগতে, তেতিয়াও স্থানীয় মানুহৰ প্ৰতিবাদক ভেঙুচালি কৰা হৈছিল। এতিয়াও স্থানীয় মানুহখিনিৰ প্ৰতিবাদক উপেক্ষা কৰি অহা হৈছে। লাট মণ্ডলৰ ভুৱা প্ৰতিবেদনেৰে ইতিমধ্যে দীপৰ বিলৰ বহুপৰিমাণৰ ভুমি বাণিজ্যিক শ্ৰেণীলৈ পৰিবৰ্তন কৰি বহিৰাগত বণিকক হস্তান্তৰ কৰা হৈছে। কিছু অংশ  লং লিছ (long lease) ৰূপে মালগোদামৰ নাম দি অইন কামত ব্যবহৃত হৈছে, যিবিলাক চৰাই,জলচৰ প্ৰাণী-উদ্ভিদৰ কাৰণে ক্ষতিকাৰক। বন্ভোজৰ নামত পলিথিন, সুৰাৰ বটল, থাৰ্মোকলৰ প্লেট আৰু উচ্চস্বৰে কি গেলা পৰিবেশ কৰিছে তাকো আমি দেখি দীপৰ বিলৰ পাৰত চেল্ফি উঠি পাহৰি থকা দেখিছো। 

ডাম্পিং জ'ন  কৰি দীপৰ বিলক ৫০% আমি মাৰি পেলাইছো। কি উৎকট গোন্ধ আৰু কদৰ্যতাৰ পাহাৰ তাক ক্ষেত্ৰত নগলে বুজিব নোৱাৰে। সমাধানৰ কেবাটাও পথ দেখুওৱা হৈছিল যদিও সদিচ্ছাৰ অভাবৰ কাৰণে সেই পথে বাট নুবুলিল। ক্ৰমশ: সংকুচিত হৈ অহা দীপৰ বিলৰ মাজেৰে মেঘালয়ৰ পৰা, ৰাণী পাহাৰৰ পৰা নামি অহা হাতীজাকৰ কাৰণে এই বৈদ্যুতিকৰণ ব্যবস্থাই মহা বিপদ মতাই আনিছে। আমাক মানুহক কিমান দ্ৰুতগতি লাগে যে, কিমান সূখ শান্তি লাগে যে সকলো জীৱ, গছ -বিৰিখ,নদী সাগৰক মাৰি আমি সুখী হ'ব বিচাৰো!

আহক সকলোৱে নিজ নিজ ধৰণেৰে দীপৰ বিলৰ অংশটো ৰেলপথৰ বৈদ্যুতিকৰণ কৰাৰ পৰা বিৰত ৰাখিবলৈ প্ৰতিবাদ জনাওঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here