ক'ভিডত আক্রান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 June 2021

ক'ভিডত আক্রান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

 



#covid-19#memoril programme#guwahati



W7s News ষ্টাফৰিপোৰ্টাৰ : অধিকাৰ সুৰক্ষা মঞ্চ,অসমৰ উদ্যোগত সোমবাৰে গুৱাহাটীৰ শিলপুখুৰীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ক'ভিডত আক্রান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা জ্ঞাত অজ্ঞাত ব্যক্তি সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই বিশেষ কার্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্রাক্তন আইন উপদেষ্টা তথা বিজেপি নেতা শান্তনু ভঁৰালী উপস্থিত থাকি ক'ভিডত অকাল মৃত্যুক সাৱটি লোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্জলন কৰে। শিলপুখুৰীৰ বাছ আস্থানৰ সমীপত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে বিজেপি নেতা শান্তনু ভঁৰালীয়ে কয় ' সাধাৰণে মানুহৰ মৃত্যু হলে আমি তেওঁলোকৰ ঘৰলৈ গৈ অথবা শ্মশানলৈ সমবেদনা জ্ঞাপন কৰোঁ। কিন্তু ক'ভিড মৃত্যু হোৱা সকলৰ প্ৰতি আমি শেষ শ্ৰদ্ধা জনাব পৰা নাছিলোঁ। সেয়ে আজি ৰাজহুৱাভাৱে তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৰাইজক অনুৰোধ ক'ভিডক ধেমালি হিচাপে নল'ব। ক'ভিডৰ এই যুঁজখনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক আপোনালোকে সহযোগ কৰক। তদুপৰি ক'ভিডৰ সুৰক্ষাৰ বাবে ক'ভিড ভেকচিন ব্যৱস্থাই সকলোকে সামৰি ল'ব বুলি মই আশা কৰিছোঁ।' এই কাৰ্যসূচীত অধিকাৰ সুৰক্ষা মঞ্চ,অসমৰ বিষয় ববীয়াৰ লগতে শিলপুখুৰী অঞ্চলৰ বাসিন্দা, স্থানীয় ব্যৱসায়ী উপস্থিত থাকি ক'ভিড মৃত্যু হোৱা লোক সকলৰ প্ৰতি শ্ৰদ্ধা জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here