- W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 8 May 2021

 



শনিবাৰে দুই শতাধিক সাংবাদিকক ক'ভিড ভেকচিন প্ৰদান



'W7S NEWS, ষ্টাফৰিপোৰ্টাৰ ' : গুৱাহাটী প্ৰেছ ক্লাবত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত সাংবাদিক তথা সাংবাদিকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে ক'ভিড-১৯ ৰ ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি

১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক গুৱাহাটী প্ৰেছ ক্লাবত ৫ মে'ত দিয়া হয় ক'ভিড ভেকচিন। পুৱা ৯.৩০ মিনিটৰ পৰা আৰম্ভ হোৱা ভেকচিনেচন কেম্পত  অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে প্ৰথম পৰ্যায়ত ১০০ জন সাংবাদিকক দিয়া হয় ক'ভিড ভেকচিন। মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰম্ভ কৰা হয় সাংবাদিকৰ ক'ভিড ভেকচিন কেম্প। উল্লেখ্য, গুৱাহাটী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সমিতিয়ে সাংবাদিকক ভেকচিন প্ৰদানৰ আহ্বানেৰে ৰাজ্য চৰকাৰলৈ প্ৰদান কৰা স্মাৰক পত্ৰৰ পিছতেই চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। ৭ মে'ৰ পৰা আৰম্ভ হোৱা ১৮-৪৪ বছৰ বয়সলৈ ভেকচিনেশ্বন কেম্পত শনিবাৰলৈ মুঠ ৬০০ সাংবাদিকক ক'ভিড ভেকচিন প্ৰদান কৰা হয়। এই ভেকচিন প্ৰদান শিবিৰ অব্যাহত থাকিব বুলি গুৱাহাটী প্ৰেছক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে

জানিবলৈ দিয়ে। তেওঁ লগতে কয় 'শনিবাৰে মুঠ ২০০ জন সাংবাদিকক ক'ভিড ভেকচিন দিয়া হয়। উল্লেখ্য, সাংবাদিকক সমুখৰ শাৰীৰ যোদ্ধাৰূপে স্বীকৃতি দি ভেকচিন প্ৰদানৰ ব্যৱস্থা হাতত লোৱা বাবে চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ গুৱাহাটী প্ৰেছক্লাব কৰ্তৃপক্ষই কৃতজ্ঞতা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here