শিলপুখুৰীৰ ব্যৱসায়ী অজিত দাসৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 8 May 2021

শিলপুখুৰীৰ ব্যৱসায়ী অজিত দাসৰ মৃত্যু

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ: শিলপুখুৰীৰ ফলমুলৰ ব্যৱসায়ী অজিত দাসৰ শুকুৰবাৰে নিশা ১ বজাত ক'ভিডত মৃত্যু হয়। ক'ভিডত আক্রান্ত হোৱা বাবে  তেওঁক এসপ্তাহ পূৰ্বে  কাহিকুছিস্থিত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাৰপাছত বোন্দাৰ গেট হাস্পতালত ভৰ্তি কৰোৱা হয়। গুৱাহাটীৰ শিলপুখুৰীৰ ভাড়াঘৰ থাকি শিলপুখুৰীত ফলমুলৰ ব্যৱসায় কৰা অতি অমায়িক অজিত দাসৰ মৃত্যুত শিলপুখুৰীত শোকৰ ছা পৰে।   মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ। উলুবাৰীৰ ক'ভিড শ্মশানত প্ৰসাশনৰ উদ্যোগত শনিবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজনী কন্যা এৰি যায়। তেওঁৰ পত্নী বৰ্তমান ক'ভিডত আক্রান্ত হৈ হোমআইছলেশ্বনত  আছে। উল্লেখ্য, তেওঁৰ জ্যেষ্ঠ ভাতৃৰ বিগত বছৰত ক'ভিডত মৃত্যু হৈছিল। উল্লেখ্য, অজিত দাসে গুৱাহাটীত প্ৰথম ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত জাতীয় পতাকা বিক্ৰীৰ ব্যবসায় আৰম্ভ কৰিছিল। তেওঁ 

শিলপুখুৰী ব্যৱসায় সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল।

তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই শুকুৰবাৰে শিলপুখুৰী ব্যৱসায় সন্থাই পুৱাৰে পৰা ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰাখে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here