ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা মোদী চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক'লা দিৱস পালন* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 26 May 2021

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা মোদী চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক'লা দিৱস পালন*

 






W7s News, ষ্টাফৰিপোৰ্টাৰ : ২৬ মে'ৰ দেশজোৰা কলা দিৱস অসমতো চি আই টি ইউ, অসম ৰাজ্যিক কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি (AIDWA), ভাৰতৰ ছাত্র ফেডাৰেচন ( এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডি ৱাই এফ আই)ৰ উদ্যোগত পালন কৰা হয় । উল্লেখযোগ্য  ২৬ মেত দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনৰ ছমাহ সম্পূৰ্ণ হোৱাৰ লগতে এই দিনটোতে শ্ৰমিক সংগঠন সমূহে আহ্বান জনোৱা সাধাৰণ ধৰ্মঘটৰ ছমাহ হৈছে । তদুপৰি উক্ত দিনটোতে নৰেন্দ্ৰ মোদী নেতৃত্বৰ বিজেপি চৰকাৰৰ ৭ বছৰীয়া কাৰ্যকাল পূৰ্ণ হৈছে।  বিজেপি চৰকাৰৰ সাত বছৰ পূৰ্তিৰ বিজয় উৎসৱৰ প্ৰত্যুত্তৰ হিচাপে এই ক'লা দিৱস পালন কৰা হৈছে। 


এই ৭ বছৰত মোদী চৰকাৰে দেশখনক এনেকুৱাকৈ পিছুৱাই নিলে যে ভাৰতৰ আৰ্থিক অৱস্থা আজি বাংলাদেশতকৈও তললৈ গ'ল । দেশৰ অন্নদাতা কৃষক, দেশৰ সম্পদ সৃষ্টি কৰা শ্ৰমিক আৰু সাধাৰণ জনগণৰ স্বাস্থ্যৰ দৰে মৌলিক অধিকাৰৰ ওপৰত এই চৰকাৰৰ আঘাত কৰিছে। দিল্লীৰ কৃষক আন্দোলনত  আজিলৈকে ৩৮৭ কৃষক শ্বহীদ হ'ল কিন্তু এই চৰকাৰ নিৰ্বিকাৰ । গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি তেওঁলোকৰ কোনো ভ্ৰূক্ষেপ নাই । এই কথা অসমৰ মানুহে ভালদৰেই জানে কেনেকৈ বিজেপি চৰকাৰে আজি পৰ্যন্ত দেবাঙ্গনা কলিতা, অখিল গগৈকে ধৰি বিভিনজনক কাৰাৰুদ্ধ কৰি ৰাখিছে । অন্যহাতেদি, শ্ৰম আইন সংস্কাৰ কৰি দেশৰ ৪৭ কোটি শ্ৰমিকৰ জীৱন বিপদাপন্ন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।  যোৱাসময়ত কোভিড নিয়ন্ত্ৰণ কৰিবলৈ বিশেষজ্ঞসকলে প্ৰদান কৰা পৰামৰ্শ আওকাণ কৰাৰ ফল ইতিমধ্যে ভাৰতৰ জনগণে ভুগিব লগাত পৰিছে। কোভিডৰ দ্বিতীয় ঢৌৱে ভাৰতৰ জৰাজীৰ্ণ স্বাস্থ্য ব্যৱস্থাটো স্পষ্ট ৰূপত দাঙি ধৰিলে। ইমানখিনিৰ পিছতো দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ গৃহ নিৰ্মানতহে ব্যস্ত। পূৰ্বৰ অভিজ্ঞতা থকাৰ পিছতো সঠিক সময়ত  কোভিড চিকিৎসাৰ বাবে বিনিয়োগ নকৰা, ভেকচিন উৎপাদন হোৱা স্বত্বেও আগতীয়াকৈ  ভেকচিনৰ বাবে আবেদন নকৰা,  পৰ্যায়ত চিকিৎসা কৰ্মীক নিয়োগ নকৰা আৰু এক ত্ৰুটিপূৰ্ণ ভেকচিন নীতিৰ ফলত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে । দেশৰ অন্য দেশৰ নিচিনাকৈ মোদী চৰকাৰে সকলো ভেকচিন কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰি ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত হস্পিতালৰ জৰিয়তে সাৰ্বজনীন বিনামূলীয়া ভেকচিন দিয়াৰ সলনি ভেকচিন ক্ৰয়ৰ বোজা ৰাজ্য চৰকাৰসমূহৰ ওপৰত জাপি দিছে  তথা ব্যক্তিগত কোম্পানীক মুনাফা অর্জনৰ পথ মুকলি কৰি দিছে। ভেকচিনৰ নাটনিয়ে ইণ্টাৰনেটৰ জৰিয়তে গ্ৰহণ কৰিব পৰা ব্যৱস্থাকো এক প্ৰহসনত পৰিণত কৰিছে । দেশৰ বৃহৎ অংশৰ জনতাক ভেকচিন প্ৰদান কৰিব নোৱাৰিলে কোভিডৰ বিৰুদ্ধে কৰা সংগ্ৰামখন জয় কৰিব পৰা নাযাব । এতিয়া দেখা গৈছে যে পূৰ্বৰ বাৰতকৈ এইবাৰৰ কোভিড পৰিস্থিতি যথেষ্ট উদ্বেগজনক । ব্যক্তিগত হস্পিতেলসমূহৰ মাচুলে মধ্যবিত্তকো কোঙা কৰি পেলাইছে কিন্তু নিয়ন্ত্ৰণ কৰাৰ কোনো চৰকাৰী পদক্ষেপ দেখা নাই।  দ্ৰুত গতিত কোভিড গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহলৈ বিয়পিছে। ইযাৰ পৰিনাম অধিক ভয়ংকৰ হ'ব । প্ৰথম ঢৌৰ পিছত পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ সহায়ত আন্তঃগাঁঠনি তৈয়াৰ কৰি তথা চিকিৎসা কৰ্মী নিয়োগ কৰি ইয়াক টনকিয়াল কৰিব পৰা গ'লহেঁতেন কিন্তু নতুনকৈ নিযুক্তি দূৰৈৰ কথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লগত জড়িত কোভিড যোদ্ধাসকলৰ চাকৰি স্থায়ী কৰা নহ'ল । জিলাসমূহত নাই পৰ্যাপ্ত আই চি ইউ, ভেন্টিলেটৰৰ ব্যৱস্থা । আনকি গুৱাহাটীৰ কোন হস্পিতালত কিমান বিচনা খালী হৈছে, কিমান আই চি ইউ, ভেন্টিলেটৰ আছে, সেই সম্পৰ্কে জনাটো সহজ নহয়, নাই কোনো ৱেবচাইট ।


এনে এক প্ৰেক্ষাপটত চি আই টি ইউ, কৰ্ষক সভা, গণতান্ত্ৰিক মহিলা সমিতি,এছ এফ আই, ডি ৱাই এফ আইয়ে  পিএম কেয়াৰৰ বৃহৎ জমা ধন অক্সিজেন, ভেণ্টিলেটৰ, ঔষধ,  আৰু চিকিৎসালয়ৰ বিচনা বৃদ্ধি কৰাৰ বাবে ব্যৱহাৰ কৰা, কোভিড সম্পৰ্কীয় সকলো স্বাস্থ্যসেৱা সকলোৰে বাবে বিনামূলীয়া কৰক, সকলোকে অতি শীঘ্ৰে বিনামূলীয়া সাৰ্বজনীন টিকাকৰণ কৰাৰ ব্যৱস্থা কৰা,  ব্যক্তিগত খণ্ডৰ চিকিৎসা লয় সমূহ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা, কৃষক বিৰোধী ক'লা আইন তিনিখন বাতিল কৰক, কৃষকৰ উৎপাদিত ফচল চৰকাৰে ন্যায্য দৰত ক্ৰয় কৰি জনসাধাৰণৰ মাজত সুলভমূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা,  শ্ৰমিক বিৰোধী ৪খন শ্ৰম সংহিতা বাতিল কৰা, আয়কৰৰ আওতাৰ বাহিৰৰ সকলো পৰিয়ালক ৭৫০০ টকাকৈ যোগান ধৰা, সকলো দুখীয়া পৰিয়াল লৈ মাহিলী ১০ কেজি চাউল, তথা প্ৰয়োজন অনুসৰি দাইল, মিঠাতেল, চেনী আদি যোগন ধৰা, ব্যক্তিগত খণ্ডত কৰ্মসংস্থানহীন হোৱা সকলো লোকক প্ৰয়োজনীয় ক্ষতিপূৰণ প্ৰদান কৰা আৰু কৰ্মহীন সকলো যুৱলৈ বেকাৰ ভাট্টা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ। 

আজি গুৱাহাটীৰ গুৱাহাটী ক্লাব বাছ আস্থানত দিনৰ ১০:৩০ বজাৰ পৰা ১১ বজালৈ শাৰীৰিক দূৰত্ব ৰাখি বেনাৰ, পোষ্টাৰ, শ্লোগান আদিৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ লগতে ৰাজ্যখনৰ শতাধিক ঠাইত ক'লা দিৱস পালন কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here