বি পি এফ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 26 May 2021

বি পি এফ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু






W7s News, ষ্টাফৰিপোৰ্টাৰ : 

গোসাইগাঁও সমষ্টিৰ বি পি এফ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ বুধবাৰে পুৱা আকস্মিকভাৱে মৃত্যু ঘটে। বুধবাৰে পুৱা প্ৰায় ৫.৩০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়।  

ক’ভিড আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ গুৰুতৰভাৱে অৱনতি ঘটাত তেওঁক ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ অনা হয়।

দীৰ্ঘদিন ধৰি জি এম চি এইছত চিকিৎসাধীন হৈ থকা বিধায়ক নাৰ্জাৰীৰ মঙলবাৰে ক’ভিড টেষ্ট নিগেটিভ আহিছিল যদিও ব্ৰেইন ষ্ট্ৰোক হোৱাৰ বাবেই সংকটজনক হৈ পৰিছিল তেওঁৰ স্বাস্থ্য।  

১৯৫৩ চনত জন্মগ্ৰহণ কৰা নাৰ্জাৰীয়ে মৃত্যুৰ সময়ত পত্নী, দুটি পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানক এৰি থৈ যায়।

উল্লেখ্য  ২০০৬ চনত প্ৰথমবাৰৰ বাবে গোসাইগাঁও সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল মাজেন্দ্ৰ নাৰ্জাৰী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here