হালিমা বেগম : W7S, NEWS, বহু প্ৰতীক্ষিত ৰূপচী বিমান বন্দৰ শনিবাৰৰ পৰা আৰম্ভ হল । বিগত চাৰি দশক ধৰি বন্ধ আছিল ৰূপচী বি
মানবন্দৰ। শনিবাৰে গুৱাহাটীৰ পৰা ৭২ জনীয়া যাত্ৰীবাহী ফ্লাইবিগ কোম্পানীৰ বিমান খন অৱতৰন কৰিলে ৰূপচী বিমান বন্দৰত। আজিৰ প্ৰথম জন যাত্ৰী আছিল গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান। প্ৰথম দিনাই এই বিমানখনত ৩০ জন যাত্ৰীলৈ গুৱাহাটীৰ পৰা উৰামাৰী ৰূপচী বিমান বন্দৰত অৱতৰন কৰে ৷ আকৌ এই বিমান খনে ৰূপচী বিমান বন্দৰৰ পৰা যাত্ৰী লৈ কলকাতা লৈ উৰা মাৰে। উল্লেখ্য, এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ ৰাণৱে থকা ৰূপচী বিমান বন্দৰ আজিৰ পৰা আনুষ্ঠানিকভাৱে পুনৰ ৪০ দশকৰ পাছত আৰম্ভ হোৱাত উৎফুল্লিত হৈ পৰিছে কোকৰাঝাৰ আৰু ধুবুৰী জিলাবাসী ৰাইজ।
No comments:
Post a Comment