দুখীয়া লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 29 May 2021

দুখীয়া লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ

 





W7s News, ষ্টাফৰিপোৰ্টাৰ : ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ দুখীয়া লোকসকলক সময়ে সময়ে আহাৰ যোগান ধৰি মানৱ সেৱা আগবঢ়াই আহিছে সমাজৰ বিভিন্নজনে। সেইদৰে  ২২ মে' ৰ পৰা সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, সনাতন মাতৃ সেৱা সংস্থান আৰু প্ৰাগজ্যোতিষপুৰ হিন্দু ঐক্য মঞ্চই গুৱাহাটীৰ

বিভিন্ন স্থানত দুখীয়া লোক সকলৰ মাজত খাদ্য বিতৰণ কৰি আহিছে। তেওঁলোকে

২৮ মে'ত  দীঘলীপুখুৰী,পল্টন বজাৰ ৰেলৱে ষ্টেচন, পাণ বজাৰ, শুক্লেশ্বৰ, ভূতনাথ, গনেশগুৰি,চান্দমাৰি ইত্যাদিৰ

 অতি দুখীয়া আৰু অভাবগ্ৰস্তলোকক খাদ্য আৰু মাল্টি ভিটামিন বিতৰণ কৰা হয়। এই মানৱ সেৱাৰ অংশস্বৰূপে শনিবাৰে গুৱাহাটীৰ ছয়মাইল,বেলতলা তিনিআলি,জয়সাগৰ,বশিষ্ট চাৰিআলি,খানাপাৰা,ইত্যাদি ঠাইত থকা দুখীয়া লোকৰ মাজত খাদ্য আৰু মাল্টি ভিটামিন আগবঢ়োৱা  হয় বুলি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

 সাধাৰণ সম্পাদক হিমু ৰাজবংশীয়ে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here