ক'ভিড-১৯ৰ ৰক্ষা কৰিবলৈ নিম্ন উপাৰ্জনৰ ৫৫ নিযুত গ্ৰাহকলৈ ২৭০কোটি টকাৰ বিশেষ লাভালাভ ঘোষণা এয়াৰটেলৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 16 May 2021

ক'ভিড-১৯ৰ ৰক্ষা কৰিবলৈ নিম্ন উপাৰ্জনৰ ৫৫ নিযুত গ্ৰাহকলৈ ২৭০কোটি টকাৰ বিশেষ লাভালাভ ঘোষণা এয়াৰটেলৰ

 


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, মে' ১৬, ২০২১: ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল)এ  আজি তেওঁলোকৰ নিম্ন-উপাৰ্জনৰ গ্ৰাহকসকলৰ বাবে বিশেষ লাভালাভৰ ঘোষণা কৰিছে, যাৰ জৰিয়তে চলিত মহামাৰীৰ সময়তো তেওঁলোকৰ নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ থকাত গ্ৰাহকসকলক সহায় কৰিব।

এবাৰলৈ, এয়াৰটেলে ৪৯ টকাৰ পেকটো ৫৫ নিযুতকৈ অধিক নিম্ন উপাৰ্জনৰ গ্ৰাহকক বিনামূলীয়াকৈ আগবঢ়াব।এই পেকটোৱে ৩৮ টকাৰ টকটাইম আগবঢ়াই আৰু ১০০ এমবি ডাটা প্ৰদান কৰে ২৮ দিনৰ বৈধতাৰে। ইয়াৰ জৰিয়তে এয়াৰটেলে ৫৫ নিযুতৰো অধিক গ্ৰাহকক সংযুক্ত হৈ থাকিবলৈ আৰু যিকোনো ক্ৰিটিকেল বাৰ্তা প্ৰাপ্ত কৰাত সহায়ক কৰি তুলিব। বিশেষকৈ গ্ৰাম্য অঞ্চলত থকা গ্ৰাহকক।  

ইয়াৰ উপৰিও এই সময়ত গ্ৰাহকৰ বাবে দুগুণ লাভালাভ ঘোষণা কৰিছে এয়াৰটেলে। এই সময়ত গ্ৰাহকৰ প্ৰয়োজনীয়তা বৃদ্ধি পায় সংযুক্ত হৈ থকাত। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিপেইড গ্ৰাহকসকললৈ ৭৯ টকাৰ ৰিচাৰ্জ কুপনত দুগুণ লাভালাভ আগবঢ়াইছে এয়াৰটেলে। এই ৰিচাৰ্জ কুপন ক্ৰয় কৰি দুগুণ লাভালাভ লাভ কৰিব পাৰিব গ্ৰাহকে। এই লাভালাভে তেওঁলোকৰ বাবে সহজ কৰি তুলিব কঠিন সময়ত সংযুক্ত হৈ থাকিবলৈ। এই লাভালাভবোৰ অহা সপ্তাহত এয়াৰটেলৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here