কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ গ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 19 May 2021

কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ গ্ৰহণ

 



W7s, News, ষ্টাফৰিপোৰ্টাৰ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে কেইবাটাও সিদ্ধান্তসমূহ গ্ৰহণ কৰে। সেই অনুসৰি ভৱিষ্যতে ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰবাবে কেবিনেটে সিদ্ধান্ত লয় যে-

নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ এশ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি  কৰিলেও এশ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। বৰ্তমান চলি থকা এনে উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো এশ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ ২০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। এই সিদ্ধান্তসমূহ ২০২১ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব যদিও বিত্তীয় বৰ্ষ হিচাপে  ২০২১ৰ পহিলা এপ্ৰিলৰ

পৰা ২০২২ চনৰ ৩১ মাৰ্চলৈ প্ৰযোজ্য হ'ব।   বিটিআৰ প্ৰধানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কেবিনেট পদমৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত লয়।

অধিবক্তা দেৱজিৎ শইকীয়াক ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ। 

 ইতিমধ্যে বৰ্তি থকা তত্বাৱধায়ক মন্ত্ৰীৰ নামৰ পৰিৱৰ্তন কৰি অভিভাৱক মন্ত্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ। অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ উন্নয়নৰ সকলো দিশ তদাৰক কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here