চি আই টি ইউৰ শ্বহীদ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 16 May 2021

চি আই টি ইউৰ শ্বহীদ দিৱস পালন







W7s, news, ষ্টাফৰিপোৰ্টাৰ: 

 চি আই টি ইউ অসম ৰাজ্যিক কমিটিয়ে ১৬ মে'ৰ দিনটো

২০০০ চনৰ পৰা শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। মৰণৈ চাহ বাগানৰ মালিক পক্ষৰ মদতপুষ্ট গুন্দাবাহিনীৰ হাতত নৃশংস ভাৱে হত্যাৰ বলি হৈছিল চি আই টি ইউ ৰাজ্যিক কমিটিৰ সদস্যা তথা মৰণৈ বাগানত চাহ শ্ৰমিকৰ প্ৰতিবাদী কণ্ঠ  সীতা মাৰাণ্ডী। ১৯৯১ চনৰ ১৬ মে'ত  সীতা মাৰাণ্ডী, নামলেন গুৰিয়া আৰু মিছফা গুৰিয়া তিনিওগৰাকী মহিলা চাহ শ্ৰমিকক হত্যা কৰা হৈছিল। চাহ শ্ৰমিকৰ ওপৰত বাগান মালিকসকলে চলাই থকা নিৰ্মম শোষণৰ প্ৰতিবাদ সংগঠিত কৰিছিল সীতা আৰু তেওঁৰ সহযোগীসকলে। 

পৰৱৰ্ত্তী সময়ত চি আই টি ইউয়ে ১৬ মে'ৰ দিনাই সংগঠনৰ প্ৰতিষ্ঠাপক সম্পাদক অমল ঘোষ দষ্টিদাৰৰ স্মৃতি দিৱস পালন কৰিব লগা হয় অসমৰ বৰ্ষীয়ান শ্ৰমিক নেতাজনে ২০০৫ চনৰ ১৬ মে'ৰ দিনা মৃত্যুবৰণ কৰে। ১৯৭১ চনত অসমত চি আই টি ইউ প্ৰতিষ্ঠা সন্মিলনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচাৰ্য দেৱপ্ৰসাদ বৰুৱাক সভাপতি আৰু অমল ঘোষ দোষ্টিদাৰক সম্পাদক হিচাপে লৈ প্ৰথম ৰাজ্যিক কমিটি গঠন কৰা হৈছিল। তেতিয়াৰ পৰা ৩২ বছৰ ধৰি অসমৰ শ্ৰমিক আন্দোলনৰ নেতৃত্ব প্ৰদান কৰে অমল ঘোষ দষ্টিদাৰে।

উপৰোক্ত দুয়োটা স্মৰণীয় ঘটনাৰ সোঁৱৰণত দেওবাৰে সমগ্ৰ অসমৰ চি আই টি ইউ কাৰ্যালয় আৰু চাহ বাগানৰ মুকলি ঠাইত কভিডৰ বিধি মানি শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শিলচৰ, ডিগবৈ, নাহৰকটিয়া, যোৰহাট, তেজপুৰ, ৰাঙাপাৰা বিশ্বনাথ, আমিনগাঁও, কোকৰাঝাৰৰ উপৰি গুৱাহাটীত চি আই টি ইউৰ ৰাজ্যিক কাৰ্যালয়তো পালন কৰা হয়।

গুৱাহাটীৰ কাৰ্যসূচীত ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, কামৰূপ মহানগৰ জিলা সভাপতি বীৰেণ শৰ্মা, সম্পাদক আলী আকবৰ, নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ নেতা ভোলা শৰ্মা, প্ৰতুল বৰ্মন, মেহজেবিন ৰহমান আৰু সুনীল নায়কে অংশগ্ৰহণ কৰে। ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বৰ্ত্তমানৰ কভিড পৰিস্থিতি শ্ৰমজীৱী মানুহৰ ওপৰত নামি অহা দুৰ্দশাৰ বাবে বি জে পি চৰকাৰৰ হেমাহিক এক অক্ষমনীয়া অপৰাধ বুলি কয় আৰু কভিড পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ লগতে শ্ৰমজীৱী লোকৰবাবে সাহাৰ্যমূলক আঁচনি গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here