W7s, News, ষ্টাফৰিপোৰ্টাৰ : চিকিৎসা ব্যৱস্থা পৰ্যবেক্ষণৰ বাবে পুৱতি নিশা আঢ়ৈবজাত জি এম চি এইছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। এতিয়াৰে পৰা সকলো ক'ভিড হাস্পতালত নিশা থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক। ক'ভিড ৱাৰ্ডত স্থাপন হ'ব চি চি টি ভি । ক'ভিড আক্ৰান্তই পৰ্যাপ্ত চিকিৎসা পাইছে নে নাই তাৰো নিৰীক্ষণ হ'ব বুলি সংবাদ মাধ্যমক কয় মুখ্যমন্ত্ৰীয়ে।
এতিয়াৰে পৰা জি এম চি এইছৰ লগতে ৰাজ্যৰ প্রতিখন চিকিৎসালয়ত নিশাৰ দায়িত্বত থাকিব লাগিব জ্যেষ্ঠ চিকিৎসকো। জ্যেষ্ঠ চিকিৎসকৰ অনুপস্থিতিৰ বাবে নিশাৰ ভাগত ৰোগীৰ মৃত্যৰ হাৰ বৃদ্ধি হোৱাৰ বাবেই এই কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
No comments:
Post a Comment