গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক- সংবাদকৰ্মীক ক'ভিড ভেকচিন প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 1 May 2021

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক- সংবাদকৰ্মীক ক'ভিড ভেকচিন প্ৰদান

 




W7 S, NEWS, ষ্টাফৰিপোৰ্টাৰ : ক'ভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে ৭৯ গৰাকী সাংবাদিকক প্ৰদান কৰা হয় ক'ভিড ভেকচিন। এই অতিমাৰীৰ সময়তো নিজৰ কৰ্তব্যৰ খাতিৰত নিতৌ বিভিন্ন স্থানলৈ যাব লগা হয় সাংবাদিক-সাংবাদকৰ্মীসকল। সেয়ে ৪৫ বছৰৰ পৰা উৰ্ধৰ সাংবাদিক- সংবাদকৰ্মীক প্ৰদান কৰা হয় এই ভেকচিন। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এই ভেকচিন প্ৰদান শিবিৰত সহযোগিতা কৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে। ইতিমধ্যে ক'ভিড-১৯ত আক্ৰান্ত হৈ কেইবাজনো সাংবাদিকে প্ৰাণ হেৰুৱাব লগা হৈছে। সেইসকল সাংবাদিকৰ আত্মাৰ সদগতি কামনা কৰি ভেকচিন প্ৰদান শিবিৰৰ আৰম্ভণিতে মৌন প্ৰাৰ্থনা জনোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here