অব্যৱহৃত হৈ থকা নৱগ্ৰহৰ গেছ চালিত শ্মশান পৰিদৰ্শন গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত আয়ুক্ত দেৱাশিস শৰ্মাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 May 2021

অব্যৱহৃত হৈ থকা নৱগ্ৰহৰ গেছ চালিত শ্মশান পৰিদৰ্শন গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত আয়ুক্ত দেৱাশিস শৰ্মাৰ

 


গেছ চালিত শ্মশান পুনৰ কাৰ্যক্ষম কৰাৰ পদক্ষেপ






W7s News ষ্টাফৰিপোৰ্টাৰ'ঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১২ চনত মুকলি কৰা নৱগ্ৰহৰ গেছ চালিত শ্মশান গৃহ বিগত কেইবাবছৰ ধৰি অব্যৱহৃত হৈ পৰি আছে। অসম চৰকাৰৰ পুঁজিৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰা গেছ চালিত শ্মশানখন ইমানদিনে মেৰামতিৰ নোহোৱাত ৰাজহুৱা ধনৰ অপচয় হোৱাৰ লগতে গুৱাহাটীবাসীয়েও এই শ্মশানখন ব্যৱহাৰ কৰিব পৰা নাছিল। এই গেছ চালিত শ্মশানখন পুনৰ কাৰ্যক্ষম কৰাৰ পদক্ষেপ এতিয়া গ্ৰহণ কৰা হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত আয়ুক্ত দেৱাশিস শৰ্মাই শুকুৰবাৰে গেছচালিত শ্মশানখনৰ যন্ত্ৰপাতিৰ অৱস্থাৰ বুজ লয়।  তেওঁ কয়, 'গুৱাহাটীৰ দৰে এখন মহানগৰৰ বাবে গেছচালিত শ্মশানৰ প্ৰয়োজন আছে। গেছচালিত শ্মশানৰ সা-সৰঞ্জামৰ যাৱতীয় মেৰামতি কৰি ইয়াক কাৰ্যক্ষম  কৰি তোলা হ'ব। লগতে উলুবাৰীৰ গেছ চালিত শ্মশানখন পুনৰ কাৰ্যক্ষম কৰি পৰিচালনা কৰাৰ ক্ষেত্ৰত যাৱতীয় সহায় সহযোগ কৰাত আগ্ৰহ দেখুওৱাইছে গুৱাহাটী ৰ'টাৰী ক্লাৱে। ৰটাৰী ক্লাৱৰ একাংশ বিষয়ববীয়াইও  নিগমৰ নৱনিযুক্ত আয়ুক্ত গৰাকীক শ্মশানথলী পৰিদৰ্শনৰ সময়ত সংগ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here