মিকিৰবামুণীত এজিউৰ পাৱাৰ ফৰ্টি প্ৰাইভেট লিমিটেড (এজিউৰ পাৱাৰ)ৰ দ্বাৰা মালিকাধীন ভূমিৰ মালিকীস্বত্ব ৰক্ষাৰ ক্ষেত্ৰত এজিউৰ পাৱাৰে দাখিল কৰা লেখ আবেদন নং ৭৫৩/২০২১ সন্দৰ্ভত ৫মাৰ্চ ২০২১ আৰু ২৩ মাৰ্চ, ২০২১ ৰ আদেশ যোগে স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ জাৰি কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 2 May 2021

মিকিৰবামুণীত এজিউৰ পাৱাৰ ফৰ্টি প্ৰাইভেট লিমিটেড (এজিউৰ পাৱাৰ)ৰ দ্বাৰা মালিকাধীন ভূমিৰ মালিকীস্বত্ব ৰক্ষাৰ ক্ষেত্ৰত এজিউৰ পাৱাৰে দাখিল কৰা লেখ আবেদন নং ৭৫৩/২০২১ সন্দৰ্ভত ৫মাৰ্চ ২০২১ আৰু ২৩ মাৰ্চ, ২০২১ ৰ আদেশ যোগে স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ জাৰি কৰিছে

 



W7S, NEWS, ষ্টাফ ৰিপ'ৰ্টাৰ,, ভাৰতৰ অন্যতম আগশাৰীৰ সৌৰ শক্তি কোম্পানী এজিউৰ পাৱাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহায়ক সংস্থা এজউৰ পাৱাৰ ফৰ্টি প্ৰাইভেট লিমিটেডে শুকুৰবাৰে নগাঁওত এক বিবৃতিযোগে পুনৰ কয় যে কোম্পানীটোৱে অসমত প্ৰকল্পটো স্থাপনৰ বাবে ভূমি ক্ৰয় সন্দৰ্ভত ৰাজ্যৰ নিয়ম-নীতি সম্পূৰ্ণৰূপে পালন কৰিছে। নগাঁওৰ মিকিৰবামুণীত ১৫ মেগৱাট শক্তি প্ৰকল্পৰ বাবে ভূমি ক্ৰয় আইনী আৰু স্বচ্ছভাৱে সম্পন্ন কৰা হৈছিল। অসমৰ উচ্চ ন্যায়ালয়ে লেখ আবেদন ডব্লিউপি (চি)৭৫৩/২০২১সন্দৰ্ভত ০৫ মাৰ্চ,২০২১ আৰু ২৩ মাৰ্চ,২০২১,ত জাৰি কৰা আদেশ অনুসৰি মিকিৰবামুণীত এজিউৰ পাৱাৰত দখলত থকা ভূমিৰ স্থিতাবস্থা বজাই ৰাখিবলৈ নিৰ্দেশ দিছে।৩মাৰ্চ,২০২১ ত প্ৰকল্পস্থলীত বলপূৰ্বক প্ৰৱেশ কৰা আৰু কোম্পানীৰ লোকসকলক কাম বন্ধ কৰাৰ ভাবুকি দিয়া কিছুমান দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত অসাধু কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি,২৩ মাৰ্চ ২০২১ত উচ্চ ন্যায়ালয়ে জিলা প্ৰশাসনৰ বিষয়া সকলকো উক্ত উলংঘনৰ ক্ষেত্ৰত স্থিতিৰ পূৰ্বৱৰ্তী আদেশ বলবৎ কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত এজিউৰ পাৱাৰ ফৰ্টি প্ৰাইভেট লিমিটেডৰ পৰামৰ্শ দাতা ডি কে পদ্দাৰে কয়-"আমি সদায় এইটো সুনিশ্চিত কৰিছো যে এজিউৰ দ্বাৰা ভূমি ক্ৰয় আইনৰ যথাযথ প্ৰক্ৰিয়া অনুসৰি আছিল আৰু এই সন্দৰ্ভত কোনো আইন উলংঘা কৰা হোৱা নাছিল আৰু ০৫,২০২১ আৰু ২৩ মাৰ্চ,২০২১ ত উচ্চ ন্যায়ালয়ৰ আদেশ সমূহ এজিউৰ পাৱাৰৰ সপক্ষে ইয়াৰ প্ৰমাণ। সৌৰ প্ৰকল্পটো আৰম্ভ কৰাত যিকোনো বিলম্বৰ পৰা বাচিবলৈ প্ৰকল্পটো শীঘ্ৰেই সম্পূৰ্ণ হ'ব"।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here