ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে শিশুৰ বাবে নিৰ্মাণ কৰিলে 'হেঁপাহৰ চিলাখন' - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 6 May 2021

demo-image

ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে শিশুৰ বাবে নিৰ্মাণ কৰিলে 'হেঁপাহৰ চিলাখন'

Responsive Ads Here

 

IMG_20210506_173355

W7S, News, ষ্টাফৰিপোৰ্টাৰ ৬ মে' : ক'ভিদ-১৯ এ এনেকুৱা এটা বিশৃংখল তথা জটিল পৰিস্হিতিৰ সৃষ্টি কৰিছে যে যোৱা বৰ্ষত শিশুসকলে আনুষ্ঠানিক শিক্ষা লাভৰ লগতে বিভিন্ন ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে।

ঠিক সেই সময়তে গুৱাহাটীস্থিত ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে আন এটা বিকাশমূলক কাৰ্যপন্থা হাতত লৈছে। যাৰ উদ্দেশ্য হ'ল ক'ভিদ- ১৯ ৰ সময়ছোৱাত শিশুসকলৰ আশা-আকাংক্ষা সজীৱ কৰি ৰখা যাতে ক'ভিদ-১৯ মহামাৰিৰ পিছত পৰিৱৰ্তিত বিশ্বৰ লগত শিশুসকলে মিলি চলিব পাৰে। ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে ইউনিচেফ, অসম আৰু  সমগ্ৰ শিক্ষা অভিযানৰ যৌথ প্ৰচেষ্টাত শিশুৰ বাবে এখন ব্যঙ্গ চিত্ৰ কিতাপ ইংৰাজীত 'Kiting High' আৰু অসমীয়াত 'হেঁপাহৰ চিলাখন' নামেৰে প্ৰস্তুত আৰু প্ৰকাশ কৰি উলিয়ায়। এই কিতাপখনত শিশুসকলে প্ৰথমাৱস্হাত ক'ভিদ কালত কেনেধৰণৰ সংগ্ৰাম বা পৰিস্হিতিৰ সন্মুখীন হ'বলগা হৈছে আৰু পৰৱৰ্তী সময়ত পৰিৱৰ্তিত বিশ্বৰ লগত কেনেকৈ মিলি চলিব পাৰি তাৰ এখন স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিছে।

ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ড° অংকুৰণ দত্তই কয় , "এই কিতাপখনত শিশুসকলে ক'ভিদ-১৯ ৰ সময়ছোৱাত গাঁও আৰু চহৰৰ পৰিৱৰ্তনৰ বিষয়ে স্ব-চক্ষুৰে দেখিবলৈ পায়। এই কাহিনীটো হৈছে ৰশ্মিৰ, যিয়ে চহৰৰ পৰা বলিনহঁতৰ গাঁৱলৈ আহিছিল আৰু কভিদ-১৯ অতিমাৰিৰ কাৰণে সিহঁতৰ ঘৰতে সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছিল।"লগতে ড° দত্তই কয়  "লকডাউনৰ সময়ছোৱাত শিশুসকলে ঘৰতে আৱদ্ধ হৈ থকাতো সিহঁতৰ বাবে অতি জটিল  হৈ পৰে; কিন্তু পৰিৱৰ্তিত পৰিস্হিতিৰ বিষয়ে সিহঁতে জানিবলৈ বিচাৰে। গতিকে  ক'ভিদ কালত পৰিৱৰ্তিত পৰিস্হিতিৰ লগত খাপ খুৱাই চলিবলৈ আৰু জীৱন নিৰ্বাহৰ নতুন পদ্ধতি অৰ্থাৎ ক'ভিদ-১৯ ৰ নীতি-নিয়মবোৰ মানি চলিবলৈ শিশুসকলে অতি সোনকালে শিকি লৈছে।"অতিমাৰিৰ সময়ত 'হেঁপাহৰ চিলাখনে' শিশুসকলৰ শিক্ষাৰ বাবে এক নতুন পৰিৱেশৰ সূচনা কৰিছে। শিশুৰ বাবে এইখন এখন অতি আনন্দদায়ক কিতাপ আৰু ইয়াৰে কাহিনীটো গাৱলীয়া আৰু চহৰৰ ধুনীয়া ছবিৰ জৰিয়তে বৰ্ণনা কৰা হৈছে।ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে অলপতে 'হেঁপাহৰ চিলাখন' ব্যঙ্গধৰ্মী কিতাপখন ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত উপলব্ধ ন্যাসটোৰ অফিচিয়েল ৱেবচাইটত HTTPS://www.armt.in/covid-19 । ন্যাসটোৱে সকলো জনগনৰ লগতে শিশুসকলোকো যিমান পাৰি সিমান ইয়াৰ বহুল প্ৰচাৰৰ বাবে আহ্বান জনাইছে।

শিশুসকলে সন্মুখীন হোৱা কিছুমান সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ক'ভিদ-১৯ ৰ বিষয়ে কাহিনীৰ জৰিয়তে কিছুমান তথ্য প্ৰচাৰ কৰা ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ এইটো এটা অতি উল্লেখযোগ্য পদক্ষেপ। পূৰ্বতেও এই ন্যাসটোৱে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত 'মটিভেচ্যন' নামেৰে এখন মাল্টিমিডিয়া ইণ্টাৰেক্টিভ ডকুমেণ্ট নিৰ্মাণ কৰিছিল আৰু যিখনে ক'ভিদ-১৯ ৰ সময়ছোৱাত উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষাৰ্থীসকলক যথেষ্ট সহায় কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল দেশৰ প্ৰায় তিনি কোটিতকৈয়ো অধিক উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱা কাৰণ ক'ভিদ-১৯ অতিমাৰিৰ সময়ত এই শিক্ষাৰ্থীসকলে নিজৰ নিজৰ কোঠাত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *