পাঁচ দিনৰ সান্ধ্য আইনৰ কাৰণ চৰকাৰে স্পষ্টভাৱে বাখ্যা কৰক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 27 April 2021

পাঁচ দিনৰ সান্ধ্য আইনৰ কাৰণ চৰকাৰে স্পষ্টভাৱে বাখ্যা কৰক

 



  ষ্ট্ৰংৰুম পহৰা দিয়াসকলৰ বাবে ৰেহাইৰ ব্যবস্থা নাই কিয় ? : চি পি আই (এম)





W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : 

পাঁচ দিনৰ সান্ধ্য আইনৰ কাৰণ চৰকাৰক স্পষ্টভাৱে বাখ্যা কৰিবলৈ দাবী জনাইছে-

চি পি আই(এম), অসম ৰাজ্যিক কমিটিৰ সম্পাদক

দেবেন ভট্টাচাৰ্যই। এক বিবৃতিযোগে তেওঁ কয় ' 

অসমত ক'ভিড নিয়ন্ত্ৰণৰ বাবে লোৱা সতৰ্কতাৰ অংশ হিচাপে অসমৰ মুখ্যসচিবে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১ মে'লৈ নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে । ক'ভিডৰ দ্ৰুত সংক্ৰমণলৈ চাই সতৰ্কমূলক পদক্ষেপ গ্ৰহণৰ নিশ্চয় প্ৰয়োজন আছে। কিন্তু মাত্ৰ পাঁচ দিনৰ বাবে এনে সান্ধ্য আইনে পৰিস্থিতি কিমান উন্নত কৰিব সেই সম্পৰ্কে স্বাভাৱিকতে সংশয়ৰ উদ্ৰেক হয় । হঠাতে এইদৰে পাঁচ দিনৰ বাবে  সান্ধ্য আইন জাৰি কৰাৰ যুক্তিযুক্ততা সম্পৰ্কে জনসাধাৰণে পতিয়ন যাব পৰাকৈ চৰকাৰে বাখ্যা আগবঢ়োৱা উচিত । 

এইখিনিতে মন কৰিবলগীয়া যে ২ মে'ত বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল অনুষ্ঠিত হ'ব। উল্লেখ্য, অসমত ভোট গ্ৰহণ প্ৰক্ৰিয়া ৬ এপ্ৰিলত অন্ত পৰিছে আৰু ইভিএমসমূহ তেতিয়াৰে পৰা ষ্ট্ৰং

ৰুমত ৰখা হৈছে । বিভিন্ন দলৰ তথা প্ৰাৰ্থীসকলৰ কৰ্মীসকলে এই ষ্ট্ৰং ৰুমত পাল পাতি পহৰা দি আছে । কিন্তু লক্ষ্য কৰা হৈছে যে সান্ধ্য আইন জাৰি কৰি যি নিৰ্দেশ দিছে তাত এইসকল কৰ্মীৰ বাবে কোনো ধৰণৰ ৰেহাইৰ ব্যৱস্থা কৰা হোৱা নাই। এয়া আশ্চৰ্যজনক । কাৰণ ষ্ট্ৰং ৰুমত থকা ইভিএম সমূহ শাসক দলে বিভিন্ন চক্ৰান্তৰে  হেৰ-ফেৰ কৰাৰ অপচেষ্টা চলাই আছে বুলি জনসাধাৰণৰ মাজত ইতিমধ্যে যথেষ্ট সংশয় আছে।চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে ষ্ট্ৰং ৰুমত দায়িত্ব পালন কৰি থকা দলীয় কৰ্মীসকলে যাতে সান্ধ্য আইনৰ ভিতৰতো প্ৰয়োজন অনুসৰি কোনো বাধা নোপোৱাকৈ আহ-যাহ কৰিব পাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here