আম আদমি পাৰ্টি, অসমৰ হেল্পলাইন মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 30 April 2021

আম আদমি পাৰ্টি, অসমৰ হেল্পলাইন মুকলি

 'অসমতত ক'ত  ক'ত অক্সিজেন প্লাণ্ট লগোৱা হৈছে আৰু তাৰপৰা কিমান অক্সিজেন প্ৰতিদিনে উৎপাদন হৈ আছে স্বাস্থ্য মন্ত্ৰীয়ে ৰাজহুৱা কৰক-আম আদমি পাৰ্টি








W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ: 'স্বাস্থ্য মন্ত্ৰীৰ দ্বাৰাই

ৰাইজ ক'ভিডত সংক্ৰমিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টি, অসমে (আপ)। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আপৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰি আপ, অসমৰ সমন্বয়ক ড০ ভৱেন চৌধুৰীয়ে কয় 'স্বাস্থ্যমন্ত্ৰীয়ে বিতৰ্কিত টুইট কৰা বন্ধ কৰক।

সমগ্ৰ দেশ এতিয়া ক'ভিডত যুঁজি আছে। ক'ভিডৰ দ্বিতীয়টো ঢৌত ৰোগীৰ অক্সিজেনৰ প্ৰয়োজন বেছিকৈ হৈছে। এইবাৰ কৰ'না মহামাৰীয়ে যি ৰূপ ধাৰণ কৰিছে তাৰবাবে মূলত দায়ী হ'ব সোণোৱাল চৰকাৰ হ'ব নে স্বাস্থ্যমন্ত্ৰী হ'ব আমি সুধিব বিচাৰিছোঁ।

গতিকে এই ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা কৰিছে সেয়া ৰাজহুৱা কৰক। ৰাইজৰ মাজত যাতে কোনোধৰণৰ শংকা বা ভয় নাথাকে তাৰবাবে স্বাস্থ্য মন্ত্ৰীয়ে এই কথা ৰাজহুৱা কৰক। অসমতত ক'ত  ক'ত অক্সিজেন প্লাণ্ট লগোৱা হৈছে আৰু তাৰপৰা কিমান অক্সিজেন প্ৰতিদিনে উৎপাদন হৈ আছে আপাতকালীন পৰিস্থিতিৰ কাৰণে অসমত কিমান অক্সিজেন মজুত আছে এই সকলোবোৰ তথ্য ৰাজহুৱা কৰিবলৈ আমি স্বাস্থ্যমন্ত্ৰীক দাবী জনালোঁ। ৰাজ্যত আগন্তক ১৫ দিনত ক'ভিড-১৯ এ জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। ক'ভিডৰ দ্বিতীয় ঢৌ প্ৰথমবাৰত কৈ ৮০ শতাংশ অধিক শক্তিশালী। 

 অক্সিজেন যাতে কলা বেপাৰীৰ হাতত নপৰে তাৰবাবে ব্যৱস্থা ল'বলৈ আমি চৰকাৰক দাবী জনালোঁ। এই সন্দৰ্ভত আমি কামৰূপ (ম) জিলা উপযুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। তদুপৰি ১৮ বছৰৰ ওপৰৰ সকলো লোককো ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে গতিকে জনসাধাৰণে যাতে সহজতে ভেকচিন ল'ব পাৰে তাৰ ব্যৱস্থা কৰক। লগতে আমি ট'লগেট বন্ধ কৰিবলৈ দাবী জনালোঁ। সেইদৰে অসমত আমি কৰ'না ৰোগীৰ বাবে প্লাজমা ডনাৰৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ বাহিৰেও এই অতিমাৰীৰ পৰা ৰাইজক সহায় কৰিবলৈ হেল্পলাইন নম্বৰ ৯৩৯৪৬৮৭৫৭৭ মুকলি কৰিছোঁ। ' উল্লেখ্য,  ৰাজ্যত নাৰী নিৰ্যাতন, হত্যা, ধৰ্ষণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত 'আপ'ৰ মহিলা মৰ্চাই নাৰীৰ সুৰকাৰ দাবীত কামৰূপ (ম) জিলা উপায়ুক্ত আৰু মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here