স্প্ৰিং ফেষ্ট -২১" শীর্ষক প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 9 April 2021

স্প্ৰিং ফেষ্ট -২১" শীর্ষক প্ৰদৰ্শনী

 




W7S NEWS,ষ্টাফৰিপোৰ্টাৰ, মেকাৰ্ছ হাবৰ উদ্যোগত "স্প্ৰিং ফেষ্ট -২১" শীর্ষক প্ৰদৰ্শনী শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে। মহানগৰীৰ পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই প্ৰদৰ্শনীখন ১১ এপ্ৰিল লৈ অনুষ্ঠিত হ'ব। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰদৰ্শনীৰ শুকুৰবাৰে উদ্বোধন কৰে সাংসদ কুইন ওজা আৰু প্ৰখ্যাত শিল্পী সংগ্ৰাম জ্যোতি চৌধুৰীয়ে। তেওঁলোকে এই প্ৰদৰ্শনীখনৰ সফলতা কামনা কৰে আৰু মহিলাসকল আত্মনির্ভৰশীল হ'বলৈ আগবাঢ়ি অহা বাবে অভিনন্দন জনায়।

উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ বহু প্ৰতিভাসম্পন্ন শিল্পীয়ে অংশগ্ৰহণ কৰা এই প্ৰদৰ্শনীত মুঠ ৩৭ খন বিপণী আছে। প্ৰদৰ্শনীৰ সামৰণিদিনা বিশিষ্ট শিল্পী ডঃ সম্প্ৰীতি ওজাই এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। পুৱা ১১:৩০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ মুকলি থাকিবলগীয়া এই প্ৰদৰ্শনীত চিত্ৰৰ পৰা দীৰ্ঘস্থায়ী কাপোৰলৈকে, হস্তনিৰ্মিত সামগ্ৰী, চালৰ যতন আৰু খাদ্য সামগ্ৰী, গৃহ সজ্জাৰ সামগ্ৰী আদি উপলব্ধ হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here