_ৰাজ্যত কৰোনাৰ দ্বিতীয় ঢৌ, সাংবাদিকক মাস্ক- ফেছ শ্বিল্ড প্ৰদান গুৱাহাটী প্ৰেছ ক্লাবৰ_* - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 13 April 2021

demo-image

_ৰাজ্যত কৰোনাৰ দ্বিতীয় ঢৌ, সাংবাদিকক মাস্ক- ফেছ শ্বিল্ড প্ৰদান গুৱাহাটী প্ৰেছ ক্লাবৰ_*

Responsive Ads Here

 

IMG-20210414-WA0003

W7S NEWS, ষ্টাফৰিপোৰ্টাৰ :  সাংবাদিকৰ সুৰক্ষাৰ বাবে পুনৰ আগবাঢ়ি আহিল ৰাজ্যৰ অন্যতম পুৰণি প্ৰেছ ক্লাব গুৱাহাটী প্ৰেছ ক্লাব। ৰাজ্যত বৰ্তমান কোভিড-১৯ৰ ভয়াৱহতা। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো এতিয়া কৰোনাৰ দ্বিতীয় ঢৌ।সেয়ে এনে জটিল সময়ত খবৰৰ সন্ধানত নিতৌ ঘূৰি-ফুৰা সাংবাদিক-সংবাদ কৰ্মীৰ মাজত বিতৰণ কৰা হয় এন ৯৫ (N95) মাস্ক আৰু ফেছ শ্বিল্ড। অ'ইল ইণ্ডিয়াৰ আর্থিক সহযোগিতাত প্ৰায় কেইটা সংবাদ গোষ্ঠীক প্ৰদান কৰা হয় এই সুৰক্ষা কীট। মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক বিতৰণি অনুষ্ঠানত উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া ত্ৰিদীপ হাজৰিকা, জয়ন্ত বৰমুদৈ, ৰিংকু বৰা তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, সাধাৰণ সম্পাদক সঞ্জয় ৰয়সহ আন বিষয়-ববীয়াসকল। উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া ত্ৰিদীপ হাজৰিকাই উল্লেখ কৰে যে সাংবাদিক- সংবাদকৰ্মীসকলে যিকোনো প্ৰতিকূল পৰিস্থিতিটো নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি আহিছে। সেয়ে সাংবাদিক- সংবাদকৰ্মী সকলক এই সুৰক্ষা কীট প্ৰদান কৰিবলৈ সুযোগ লাভ কৰাত গুৱাহাটী প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ এই পদক্ষেপত সহযোগিতা আগবঢ়োৱা বাবে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষক ধন্যবাদ জনায় সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *