ক'ভিডত আক্ৰান্ত হৈ অসমৰ প্ৰথমজন সাংবাদিকৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 April 2021

ক'ভিডত আক্ৰান্ত হৈ অসমৰ প্ৰথমজন সাংবাদিকৰ মৃত্যু

 


সু লেখক, সাংবাদিক আয়ুষ্মান দত্তৰ মৃত্যুত শোক প্ৰকাশ গুৱাহাটী প্ৰেছ ক্লাবৰ



#covid-19#death#journalist



 W7S,NEWS,ষ্টাফৰিপোৰ্টাৰ :

ক'ভিডত আক্ৰান্ত হৈ অসমৰ প্ৰথমজন সাংবাদিকৰ মৃত্যু হৈছে। ক'ভিডত প্ৰাণ হেৰুৱালে 'দ্য ছেণ্টিনেল'ৰ সাংবাদিক, লেখক আয়ুস্মান দত্তই। সাংবাদিক আয়ুস্মান দত্ত গুৱাহাটীৰ বাসিন্দা আছিল। যুৱ সাংবাদিক আয়ুষ্মান দত্তৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী সোণোৱালে আয়ুষ্মান দত্তৰ

বিদেহ্ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ক'ভিড-১৯ৰ বিৰুদ্ধে অৱশেষত হাৰ মানিলে ছেন্টিনেল কাকতৰ সাংবাদিক তথা ৰাজ্যৰ অন্যতম সু-লেখক আয়ুষ্মান দত্তই। সাংবাদিকতাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰা সাংবাদিকজনৰ এই মৃত্যু অসহনীয়। এই মহামাৰীত অকালতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা আয়ুষ্মান দত্তৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ জনাইছে সমবেদনা। সাংবাদিকতা, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰত সদ্য প্ৰয়াত আয়ুষ্মান দত্তই আগবঢ়োৱা অৱদান অতুলনীয়। দত্তৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ সৃষ্টিৰাজি সংৰক্ষণৰ আহ্বান জনায় গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক


সঞ্জয় ৰায়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here