পুতলা নাচৰ জৰিয়তে ক'ভিদ-১৯ ৰ সজাগতাৰ প্ৰয়াস ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 April 2021

পুতলা নাচৰ জৰিয়তে ক'ভিদ-১৯ ৰ সজাগতাৰ প্ৰয়াস ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : সমগ্ৰ দেশত ক'ভিদ-১৯ ৰ দ্বিতীয় ঢৌ চলি থকাৰ সময়তে গুৱাহাটীস্হিত ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে  জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে ক'ভিদ-১৯ ৰ সময়ত মানি চলিবলগীয়া আচৰণ বা নীতি-নিয়ম সমূহৰ বিষয়ে আন এক উদ্ভাৱনমূলক পদক্ষেপ গ্ৰহণ কৰিছে।   ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে ইউনিচেফ, অসম- ৰ যৌথ প্ৰচেষ্টাত ৪-৫ মিনিট দৈৰ্ঘ্যৰ চাৰিখন ভিডিঅ ষ্ট্ৰিং পাপেট নিৰ্মাণ কৰি উলিয়ায়। ইয়াৰে তিনিখন পুতলা নাচৰ কাহিনী আছিল - ক'ভিদ-১৯ ৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু যিকেইখন পুতলা নাচ ইতিমধ্যেই ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ অফিচিয়েল ইউটিউব চেনেলটোত বহুলভাবে প্ৰচাৰ কৰা হৈছে।

বৈজ্ঞানিক কাৰ্টুনৰ চৰিত্ৰসমূহৰ জৰিয়তে ক'ভিদ-১৯ ৰ বিষয়ে সাধাৰণ জনতাৰ মাজত সচেতনতা সৃষ্টি কৰাৰ পিছত এইবাৰ এই ন্যাসে  জনসাধাৰণক ক'ভিদ-১৯ মহামাৰিৰ বিৰুদ্ধে সজাগ কৰিবৰ বাবে ষ্ট্ৰিং পাপেটৰ এটা ধাৰণা লৈ আগবাঢ়ি আহিছে। উজনি অসমৰ পৰা নামনি অসমলৈকে এই ষ্ট্ৰিং পাপেটক জনবহুলভাবে পুতলা নাচ হিচাপে জনাজাত। এই জটিল সন্ধিক্ষণত পুতলা নাচ হৈছে পৰম্পৰাগত লোককলাৰ এনে এটি মাধ্যম যি একে সময়তে সকলো শ্ৰেণী বা বয়সৰ লোকৰ মাজলৈ সহজে যাব পাৰে। এই তিনিখন পুতলা নাচৰ ভিডিঅ কেইটাৰ শিৰোণাম হৈছে ক্ৰমে - 'ক'ভিদ শত্ৰু', ক'ভিদ বিভ্ৰাট' আৰু 'মামা ৰ মীনাকো ক'ভিদ কথা' (মামা আৰু মীনাৰ ক'ভিদ কথা)।'ক'ভিদ শত্ৰু' পুতলা নাচৰ কাহিনীটো হৈছে এখন ৰাজ্যৰ, যিখন ৰাজ্যৰ ৰজাই নিজৰ ৰাজ্যখন ক'ভিদ-১৯ মহামাৰিৰ প্ৰসাৰৰ ফলত ধ্বংস বা নিশেষ হৈ যাব বুলি ভয় খাইছিল, পিছত তেওঁ সকলো প্ৰজাক ক'ভিদ প্ৰটকল মানি চলিবলৈ পৰামৰ্শ দিছিল। 'ক'ভিদ বিভ্ৰাট' ৰ কাহিনীটো বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা হৈছে। আৰু যাৰ মূল ভিত্তি হৈছে ক'ভিদ সংযত আচৰণ বা ক'ভিদৰ নীতি-নিয়ম মানি চলা।২০২০ চনত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া SOP (Standard Operating Procedure) মানি চলা।  সেই নিয়ম সমূহ হ'ল - সদায় হাত পৰিস্কাৰ কৰি ধোৱা, মাস্ক পিন্ধা আৰু শাৰিৰীক দূৰত্ব বজাই ৰখা যেতিয়ালৈকে ক'ভিদ-১৯ মহামাৰি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত নহয়। এইখন পুতলা নাচত সমৰ্থন জনাইছে সমগ্ৰ শিক্ষা অভিযান, অসম- এ। 'ক'ভিদ শত্ৰু' আৰু 'ক'ভিদ বিভ্ৰাট' এই দুখন পুতলা নাচ অসমীয়া ভাষাত নিৰ্মাণ কৰা হৈছে। ইয়াৰোপৰি 'মামা ৰ মীনাকো ক'ভিদ কথা ' পুতলা নাচ খন বিশেষকৈ চিকিম চৰকাৰৰ বাবে নেপালী ভাষাত নিৰ্মাণ কৰা হৈছে। এই পুতলা নাচখনৰ যোগেদি এইটোৱে আহ্বান কৰিব বিচৰা হৈছে যে, ক'ৰনা ভাইৰাছে বিভিন্ন ধৰণেৰে আক্ৰান্ত কৰিব পাৰে আৰু ইয়াৰ বাবে সদায় সজাগ হৈ থাকিব লাগে।

অসমীয়া চিনেমা জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসেও এখন পুতলা নাচত পাৰ্শ্বস্বৰ (Voice over) প্ৰদান কৰিছে। আটাইকেইটা ভিডিঅ আপলোড কৰাৰ এঘণ্টাৰ ভিতৰতে বহুখিনি ভিউছ আৰু লাইক পাবলৈ সক্ষম হয়। ইয়াৰে এটা ভিডিঅ মাজুলীৰ জনসংযোগ বিভাগেও তেওঁলোকৰ ফেচবুক  MajuliJansanyogfacebook  পেজত শ্বেয়াৰ কৰে।

 ক'ৰনা ভাইৰাছৰ দ্বিতীয় ঢৌ চলি থকাৰ এই জটিল সময়ত সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চেনেলটোৰ হোম পেজত গৈ https://youtube.com/channel/UC2z2z-qBSjzxnP06omgZplQ

এই ভিডিঅ কেইটাক যিমান পাৰি সিমান লাইক আৰু শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে।

মনকৰিবলগীয়া যে, ড° অনামিকা ৰায় সোঁৱৰণী ন্যাস আৰু ইউনিচেফ, অসম- ৰ যৌথ প্ৰচেষ্টাত দুমাহৰ (নৱেম্বৰ আৰু ডিচেম্বৰ, ২০২০) বাবে চলা "Risk Communication and Community Engagement to Promote COVID Appropriate Behaviour (CAB) among Children, Women and Urban  Population." এই প্ৰকল্পৰ এটা সৰু অংশহে এই ভিডিঅ সমূহ। ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ মুখ্য কাৰ্যবাহী আৰু মেনেজিং ট্ৰাষ্টি ড° অংকুৰণ দত্তই কয় যে, "এই প্ৰকল্পটোৰ সময়ত ক'ভিদ-১৯ ৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে আমি বিভিন্ন ধৰণৰ আন বহুতো মাল্টিমিডিয়া ইণ্টাৰেক্টিভ ডকুমেণ্ট প্ৰস্তুত কৰি উলিয়াইছো আৰু যিবিলাক অতি সোণকালে আমাৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হব।"  ইয়াৰ লগতে তেওঁ কয়, "সদ্যহতে আমি পুতলা নাচৰ এই ভিডিঅ তিনিটা বহুলভাবে প্ৰচাৰ কৰিম আৰু যিটোৱে ক'ভিদৰ সময়ত মানি চলিবলগীয়া আচৰণসমূহ সৰলভাবে বৰ্ণনা কৰিছে। যাৰ বাবে পুতলা নাচে সকলো বয়সৰ লোকক মনোৰঞ্জন দিয়াৰ লগতে আকৰ্ষিতও কৰি আহিছে। এই  ভিডিঅ কেইটা সফল প্ৰদৰ্শনৰ বাবে গোটেই দলটোক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু গোটেই দলটো ভিডিঅ কেইটাৰ বৰ্ণনাত উল্লেখ কৰা হৈছে। পূৰ্বতে, অৰ্থা‌‍ৎ ক'ভিদ-১৯ ৰ প্ৰথম ঢৌ চলি থকাৰ সময়ত ন্যাসটোৱে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি সংযোগ পৰিষদ (NCSTC) আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগত বিভিন্ন মাল্টিমিডিয়া ইণ্টাৰেক্টিভ ডকুমেণ্ট প্ৰস্তুত কৰি এক অভূতপূৰ্ব আন্দোলন গঢ়ি তুলিছিল।'ক'ভিদ কথা' এখন অন্যতম জনপ্ৰিয় দস্তাবেজ হিচাপে অসংখ্য জনগণৰ সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে দুটা আগশাৰীৰ সংবাদ মাধ্যমৰ লগত  ক'ভিদ-১৯ ৰ সময়ত ভুৱা বাতৰিৰ বিৰুদ্ধে এমাহজোৰা প্ৰচাৰ চলাইছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here